তিনিচুকীয়া,7 এপ্ৰিল: ডিগবৈত বন বিভাগ আৰু পেঙেৰী আৰক্ষীয়ে যুটীয়া অভিযানত এক গোপন সূত্ৰৰ ভিত্তিত দুটাকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত ৰজাআলি খণ্ড বন বিষয়াৰ কাৰ্যলয়ৰ সমীপত বুধবাৰে সন্ধিয়া প্ৰায় ৮.০০ বজাত চিকাৰী দুটাক কৰায়ত্ত কৰে ৷
বন বিভাগৰ জালত দুজন চোৰাং চিকাৰী - দুধৰ্ষ চোৰাং চিকাৰী
পেঙেৰীত বন্দুকসহ দুজন চোৰাং চিকাৰী আটক । আটক কৰা চিকাৰীৰ পৰা দুটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ ৷
বন বিভাগৰ জালত দুজন চোৰাং চিকাৰী
কৰায়ত্ত কৰা চোৰাং চিকাৰীদ্বয়ৰ নাম বিৰ্জু মুখীয়া আৰু উকীল মৰাণ বুলি জানিব পৰা গৈছে ৷ আটক কৰা চিকাৰীৰ পৰা দুটা হস্তনিৰ্মিত বন্দুকৰ লগতে AS 23 A 0699 নম্বৰৰ মটৰ চাইকেলখন জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, কৰায়ত্ত কৰা চোৰাং চিকাৰীদ্বয়ক আৰক্ষী প্ৰশাসনে জিম্মাত লৈ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল