তিনিচুকীয়া, 26 ফেব্ৰুৱাৰী:ভাৰতীয় সেনাবাহিনীত কৰ্মৰত তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ যুৱক দিল্লীৰ পৰা সন্ধানহীন ৷ জম্মু-কাশ্মীৰৰ কৰ্মস্থলীলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন ৷ সন্ধানহীন যুৱকজনক ভাৰতীয় সেনা বাহিনীৰ অসম ৰেজিমেন্টত কৰ্মৰত বিতুপন মেচ (Army personnel missing) ৷
উল্লেখ্য যে, 22 ফেব্ৰুৱাৰীত ফিল’বাৰীৰ স্ব-গৃহৰ পৰা জন্মু-কাশ্মীৰলৈ কৰ্মত পুনৰ যোগদানৰ বাবে বিমানযোগে গৈছিল বিতুপন মেচ ৷ ডিব্ৰুগড় বিমান বন্দৰৰ পৰা দিল্লীলৈ গৈ থকাৰ প্ৰাক-মূহুৰ্তত মাতৃ-পত্নীৰ সৈতে ভিডিঅ’ ক’ল যোগেও কথা পাতিছিল বিতুপনে । কিন্তু দিল্লীৰ পৰা জম্মু-কাশ্মীৰলৈ যোৱা গাড়ী বিচাৰি এখন সৰু বাহনত উঠাৰ পাচৰে পৰা পৰিয়ালৰ সৈতে বিতুপনৰ যোগাযোগ নোহোৱা হয় (Philobari Army jawan missing case)।
পৰিয়ালৰ লোকে বিতুপনৰ সৈতে যোগাযোগ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে যদিও বৰ্তমানলৈকে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই ৷ কৰ্মস্থলীলৈ যোৱা বিতুপন সন্ধানহীন হৈ পৰা ঘটনাই এতিয়া ফিল’বাৰীত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ কিন্তু লক্ষ্যনীয় কথাটো হ’ল যে, বিতুপনে ডিব্ৰুগড়ৰ পৰা বিমানযোগে দিল্লীলৈ যোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল যদিও ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত বিতুপন মেচৰ কোনো বিৱৰণ নাই বুলি বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱাৰ পাচত সৃষ্টি হৈছে অধিক ৰহস্যৰ (Army jawan Bitupon Mech missing) ৷