অসম

assam

By

Published : May 22, 2019, 7:21 PM IST

Updated : May 22, 2019, 7:28 PM IST

ETV Bharat / state

অৰুণাচলৰ ঘন অৰণ্যত সেনাৰ অভিযানঃ লক্ষ্য NSCN(IM)

বিধায়ক তিৰণ আবহৰ বৰ্বৰ হত্যাকাণ্ডৰ পিচতেই আজি স্থলসেনাই ৰাজ্যখনৰ টিৰাপ,লংডিং আৰু চাংলাং জিলাৰ জংঘলত তীব্ৰতৰ কৰিছে উগ্ৰপন্থীবিৰোধী অভিযান ৷

অৰুণাচলৰ জংঘলত সেনাৰ বৃহৎ অভিযান

তিনিচুকীয়া, 22 মেঃঅৰুণাচলৰ এন পি পি বিধায়ক তিৰণ আবহৰ বৰ্বৰ হত্যাকাণ্ডৰ পিচতেই পাহাৰীয়া ৰাজ্যখনত তীব্ৰতৰ কৰি তোলা হৈছে উগ্ৰপন্থীবিৰোধী অভিযান ৷ ৰাজ্যখনৰ টিৰাপ,লংডিং আৰু চাংলাং জিলাৰ জংঘলত এন এছ চি এন আই এম উগ্ৰপন্থীৰ বিৰুদ্ধে সেনাই চলাইছে তীব্ৰ অভিযান ৷

অৰুণাচলৰ ঘন অৰণ্যত সেনাৰ অভিযান

অৰুণাচলৰ স্থানীয় আৰক্ষী প্ৰশাসন,চোৰাংচোৱা বিভাগ আৰু অসামৰিক প্ৰশাসনৰ সহযোগত সেনাই এই অভিযানৰ নেতৃত্ব লৈছে ৷ টিৰাপৰ খোনছাত সংঘটিত ভয়ংকৰ আক্ৰমণৰ পিচতেই সেনাই উগ্ৰপন্থীয়ে পলায়ন কৰিবপৰা সকলো সম্ভৱপৰ স্থানত কৰ্ডন আৰু কাডো অপাৰেশ্বন বাহিৰ কৰিছে ৷ ইয়াৰ উপৰিও নাগালেণ্ড-অৰুণাচল সীমান্তও সেনাই চীল কৰি দিছে ৷ এই অভিযানত সেনাৰ বিশেষ বাহিনীয়ে অংশগ্ৰহণ কৰাৰ লগতে অপাৰেশ্বনত সহায়ক হোৱাকৈ হেলিকপ্টাৰ,কোৱাডকপ্টাৰ,ট্ৰেকাৰ ডগছ ব্যৱহাৰৰ উপৰিও ৰাতিও এই অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে সেনাৰ বিশেষ সূত্ৰই ৷

অৰুণাচলৰ জংঘলত সেনাৰ বৃহৎ অভিযান

উল্লেখ্য যে, যোৱাকালি টিৰাপ জিলাৰ খোনচাত যুদ্ধবিৰতিত থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি নিহত কৰিছিল এন পি পি বিধায়ক তিৰণ আবহৰ লগতে ব্যক্তিগত সুৰক্ষাকৰ্মী তথা পৰিয়ালৰ লোককে ধৰি মুঠ 11জনকৈ লোকক ৷

Last Updated : May 22, 2019, 7:28 PM IST

ABOUT THE AUTHOR

...view details