তিনিচুকীয়া, 11 এপ্ৰিল : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সোমবাৰৰ বিয়লি তিনিচুকীয়া সদৰ আৰক্ষী থানাত তিনিচুকীয়া আৰক্ষীয়ে এখন সজাগতামূলক সভাৰ আয়োজন কৰে ৷ ড্ৰাগছ বিৰোধী মঞ্চৰ সদস্য জয়ন্ত বৰুৱাই সভাপতিত্ব কৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁয়ে ৷
এই সভাতে পৰাগজ্যোতি বুঢ়াগোহাঁয়ে মাৰাত্মক ড্ৰাগছে যুৱ প্ৰজন্মক একেবাৰে পংগু কৰি পেলাইছে বুলিও উল্লেখ কৰে ৷ আৰক্ষীয়ে যিমান পাৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজি আহিছে যদিও এই যুঁজখনত ৰাইজৰ সহযোগিতা অবিহনে আৰক্ষীয়ে অকলে সফলতা লাভ কৰিব নোৱাৰে বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে (Drugs awareness meeting in Tinsukia) ৷
এই সজাগতা সভাখনত তিনিচুকীয়া জিলাৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই ড্ৰাগছ বিৰোধী যুঁজখনত ৰাইজৰ সহযোগিতা আশা কৰি কয় যে বৰ্তমান সকলোতকৈ লাভজনক ব্যৱসায় ব্যৱসায় হিচাপে চিনাক্ত হৈ আহিছে এই বৰবিহ বিধ ৷ গতিকে সৰবৰাহকাৰীসকলে ধনৰ লোভ দি বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী হিচাপেও ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷