তিনিচুকীয়া, ৯ জানুৱাৰী :মৃদু বতাহ... ৷ মাজে মাজে পাহাৰৰ ফাঁকে ফাঁকে নিগৰি অহা কিছু অবুজ ধ্বনি ৷ তাৰ মাজে মাজে ভাহি আহিছে সু-উচ্চ ঝৰণাৰ পৰা বাগৰি অহা জলৰাশিৰ কলকলনি ৷ শীতল মৃদু বতাহৰ আমেজ লৈ লক্ষ্যস্থানলৈ বুলি লাহে লাহে গতি কৰি কৰিছে ইটিভি ভাৰত, অসমৰ সাংবাদিকৰ গাড়ীখন ৷ এটা সময়ত হঠাৎ ৰৈ গ’ল গাড়ীৰ চকা ৷ সমুখত সু-উচ্চ পাহাৰ ৷ পাহাৰত বৰষিছে কোমল বৰফৰ ফাকু ৷ এক অপূৰ্ব নৈসৰ্গিক দৃশ্য ৷
এয়াই আনিনি ৷ অজান্তিমুলুক আনিনি ৷ যাৰ অপূৰ্ব সৌন্দৰ্যত মোহিত হ'ব আপুনিও ৷ জৈৱ বৈচিত্ৰতা আৰু অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন বিশেষ ঠাই ৷ অৰুণাচল প্ৰদেশৰ আপাৰ দিবাং ভেলীত আছে চালে চকুৰোৱা এই মনোমোহা ঠাইখন ।
আপাৰ দিবাং ভেলী জিলাখনেই হৈছে ভাৰতৰ একেবাৰে কম জনসংখ্যাৰে গঠিত একমাত্ৰ জিলা ৷ য'ত জনসংখ্যা শেহতীয়া পিয়ল অনুসৰি সৰ্বমুঠ প্ৰায় ৮ হাজাৰ ৪ জন । উত্তৰ পূৰ্বাঞ্চলৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটীৰ পৰা আনিনিলৈ দূৰত্ব প্ৰায় ৮০৭.৬ কিঃমিঃ আৰু অসমৰ একেবাৰে পূব প্ৰান্ত শদিয়াৰ পৰা দূৰত্ব মাত্ৰ ২৭৩ কিঃমিঃ ।
বৰ্তমান পৰ্যটকৰ অন্য এক চিনাকি নাম হৈছে অৰুণাচল প্ৰদেশৰ ৰয়িং ৷ সম্প্ৰতি ৰয়িং চহৰত পৰ্যটকৰ সুবিধাৰ বাবে গঢ়ি উঠিছে বিভিন্ন হোটেল , ৰিজ'ৰ্টৰ লগতে বিভিন্ন আমোদ-প্ৰমোদৰ ঠাই ৷ আৰু ইচ্ছা কৰিলে পৰ্যটকে ৰয়িঙত এটা দিনৰ বাবে জিৰণি লৈ ইয়াৰ আশে-পাশে থকা ইজি নদী, চেলে লেক, চেকেণ্ড ব্ৰিজ ইত্যাদি পৰ্যটনস্থলীও উপভোগ কৰিব পাৰে ।
ডিচেম্বৰ আৰু জানুৱাৰী মাহত পৰ্যটকে আনিনি যাত্ৰা পথত 'মায়'ডিয়া পাছ'ৰ বৰফৰ আমেজো ল’ব পাৰে । কিয়নো এই সময়ছোৱাত এই সমগ্ৰ অঞ্চলটো হৈ পৰে শুকুলা বৰফেৰে আবৃত ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ২৬৫৫ মিটাৰ উচ্চতাত অৱস্থিত এই অঞ্চলটোৱেই হৈছে অসমৰ পৰ্যটকসকলে একেবাৰে ওচৰতে বৰফৰ আমেজ গ্ৰহণ কৰিব পৰা একমাত্ৰ ঠাই ৷ কিয়নো এই অঞ্চলটো অসমৰ একেবাৰে শেষ প্ৰান্তৰ শদিয়াৰ পৰা মাত্ৰ প্ৰায় ৫০ কিলোমিটাৰ নিলগত অৱস্থিত ।