অসম

assam

ETV Bharat / state

চৰকাৰে অংগনবাড়ী কৰ্মীক দিয়া প্ৰতিশ্ৰুতি পূৰণ হ’ব কেতিয়া ?

তিনিচুকীয়াত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ। ৰাজ্যখনত যি কোনো নিৰ্বাচনৰ সময়তেহে কেৱল এই সকল অংগনবাড়ী কৰ্মী সহায়িকালৈ ৰজাঘৰীয়াৰ মনত পৰে বুলি দাবী প্ৰতিবাদকাৰীৰ ।

তিনিচুকীয়াত অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ
তিনিচুকীয়াত অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ

By

Published : Jul 27, 2021, 11:43 AM IST

Updated : Jul 28, 2021, 12:10 AM IST

তিনিচুকীয়া, 26 জুলাই : চৰকাৰ গ'ল চৰকাৰ আহিল, মুখ্যমন্ত্ৰীও সলনি হ’ল ৷ নতুন প্ৰতিশ্ৰুতি নতুন বাজেট সকলো সুকলমে পাৰ হৈ গ’ল ৷ কিন্তু একে ঠাইতে থাকিল ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকল ৷ প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহাৰ বাহিৰে কোনো গদ্যন্তৰ নোহোৱা হৈছে তেওঁলোকৰ ৷

সোমবাৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা, তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া জিলাৰ বৰদলৈ নগৰস্থিত সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ সন্মুখত অংগনবাড়ী কৰ্মী সহায়িকা সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দৰমহা বৃদ্ধি, পেঞ্চনৰ ব্যৱস্থা, অৱসৰপ্ৰাপ্ত অংগনবাড়ী কৰ্মীক 5 লাখ টকা আৰু সহায়িকা সকলক 3 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে ৷ তাৰোপৰি অংগনবাড়ী কেন্দ্ৰসমূহ বিজ্ঞাসন্মতভাৱে নিৰ্মাণ কৰাৰ বাবেও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।

চৰকাৰে বছৰে-বছৰে অংগনবাড়ী কৰ্মী সহায়িকা সকলক দিয়া প্ৰতিশ্ৰুতি যেন প্ৰতিশ্ৰুতি হৈয়ে ৰয় । ৰাজ্যখনত যি কোনো নিৰ্বাচনৰ সময়তহে যেন এই সকল অংগনবাড়ী কৰ্মী সহায়িকালৈ ৰজাঘৰীয়াৰ মনত পৰে । চৰকাৰী যিকোনো জন কল্যাণ কিম্বা যিকোনো শিশু কল্যাণৰ কামৰ ক্ষেত্ৰত এই অংগনবাড়ী কৰ্মী সহায়িকা সকলক দিনে-ৰাতি একাকাৰ কৰি নিয়োজিত কৰা হয় ।

নিৰ্বাচনৰ সময়তহে ৰজাঘৰীয়াৰ মনত পৰে অঙ্গনবাড়ী কৰ্মীলৈ : প্ৰতিবাদকাৰী

কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে চৰকাৰী বহু সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে এই সকল অংগনবাড়ী কৰ্মী সহায়িকা । আনহাতে দেশৰ এই সংকটৰ সময়ত মাত্ৰ কেইটকামান মজুৰীলৈ এই সকল মহিলাই নিজৰ পৰিয়ালটোক পোহ-পাল দি আহিছে । নিজৰ প্ৰাপ্য বিচাৰি কিমান আৰু প্ৰতিবাদ কৰিব এই সকল অংগনবাড়ী কৰ্মী সহায়িকাই ?

লগতে পঢ়ক :দিল্লীত গৈ প্ৰতিবাদ কৰাৰ হুংকাৰ অসমৰ মধ্যাহ্ন ভোজন কৰ্মীৰ

Last Updated : Jul 28, 2021, 12:10 AM IST

ABOUT THE AUTHOR

...view details