অসম

assam

ETV Bharat / state

তিনিচুকীয়াত শৌচালয় নিৰ্মাণত দুৰ্নীতি : ক্ষোভিত অঞ্চলবাসী

চাৰি বছৰ পূৰ্বে তিনিচুকীয়াৰ ফিল'বাৰীত নিৰ্মাণ কৰা শৌচালয় নহ'ল সম্পূৰ্ণ । সত্যজিৎ বৰা নামৰ ঠিকাদাৰজনে দুৰ্নীতি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

By

Published : Jul 24, 2019, 9:31 AM IST

তিনিচুকীয়াত শৌচালয় নিৰ্মাণত দুৰ্নীতি

তিনিচুকীয়া,২৪জুলাই : তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ অধীনত পকী শৌচালয় নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ । প্ৰায় চাৰি বছৰ পূৰ্বে অনাময় আঁচনিৰ অধীনত নিৰ্মাণ কৰা শৌচালয়সমূহ বৰ্তমানেও সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী । অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা লাভ কৰা পকী শৌচালয় হিতাধিকাৰীসকলৰ বাসগৃহত অৰ্ধ নিৰ্মিত হৈ পৰি আছে । এই শৌচালয় নিৰ্মানৰ কাম মাধৱপুৰ গাঁৱৰ ঠিকাদাৰ সত্যজিৎ বৰাই লাভ কৰিছিল । শৌচালয় নিৰ্মাণৰ নামত মাত্ৰ দুখন পকী দেৱাল আৰু দ গাঁত খান্দি দায়িত্ব সামৰিছে ঠিকাদাৰজনে । হিতাধিকাৰীসকলে চাৰি বছৰ ধৰি অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণ নোহোৱাত বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ জনায় আহিছে যদিও বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান কৰা নাই ।

তিনিচুকীয়াত শৌচালয় নিৰ্মাণত দুৰ্নীতি

ABOUT THE AUTHOR

...view details