তিনিচুকীয়া, 23 মে’: বিগত 24 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে তিনিচুকীয়াৰ এজন যুৱক (Tinsukia youth missing)৷ বিশ্বজিৎ গায়ন নামৰ উদীয়মান সুৰকাৰজন দীৰ্ঘদিনে সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি উদ্বিগ্নতাৰ সৃষ্টি কৰিছে ৷ যুৱকজনে আলফা(স্বা)ত যোগদান কৰাৰো সন্দেহ কৰিছে একাংশ লোকে ৷
ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত শীতলপুৰৰ প্ৰয়াত ভোগেশ্বৰ গায়নৰ কনিষ্ঠ পুত্ৰ বিশ্বজিৎ গায়নে অসমীয়া সংগীত জগতত সুৰকাৰ হিচাপে কাম কৰি আহিছে ৷ ইতিমধ্যে বহুকেইটা জনপ্ৰিয় গীতৰ ৰচনা আৰু সুৰ কৰিছে বিশ্বজিৎ গায়নে । ২৪ এপ্ৰিলত তিনিচুকীয়ালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যোৱা বিশ্বজিৎ আজিকোপতি ঘৰলৈ ঘূৰি নহাত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ঘৰখনত (Assamese music artist missing) ।