অসম

assam

ETV Bharat / state

22 জানুৱাৰী পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব মৰাণ ছাত্ৰ সন্থাই - এলানি প্ৰতিবাদী কাৰ্যসূচী

মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচী অধিনত স্বায়ত্ব শাসনৰ দাবীত 22 জানুৱাৰীৰ পৰা এলানি প্ৰতিবাদী কাৰ্যসূচীৰ গ্ৰহণ কৰিব সদৌ মৰাণ ছাত্ৰ সন্থায় ৷ বৃহস্পতিবাৰে তিনিচুকীয়াত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ৷

amsu-press-meet-at-tinisukia
22 জানুৱাৰী পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব মৰাণ ছাত্ৰ সন্থাই

By

Published : Jan 21, 2021, 10:47 PM IST

Updated : Jan 21, 2021, 10:56 PM IST

তিনিচুকীয়া, 21 জানুৱাৰী : মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচী অধিনত স্বায়ত্ব শাসনৰ দাবীত এলানি আন্দোলনৰ ঘোষণা কৰিছে মৰাণ ছাত্ৰ সন্থায় ৷ বৃহস্পতিবাৰে তিনিচুকীয়াত এক সংবাদমেল সম্বোধন কৰে সদৌ মাৰণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ৷

সংবাদমেলত মৰাণ ছাত্ৰ সন্থাৰ তিনিচুকীয়া সমিতিৰ নেতৃত্বই মৰাণ জনগোষ্ঠীয় লোক সকলৰ বিগত সময় চোৱাত ন্যায্য প্ৰাপ্ত ক্ষেত্ৰ বিজেপি চৰকাৰে কৰি অহা প্ৰতাৰণাৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে ৷ সংবাদমেলত সংগঠনটোৰ নেতৃত্বই কয়, শাসনৰ গাদীত বঢ়াৰ পৰাই মৰাণ সকলক কেৱল মাত্ৰ প্ৰতাৰণা কৰি আহিছে বিজেপিৰ চৰকাৰে ৷ বিগত সময়ত বিজেপিৰ নেতৃত্বাধীন দিল্লী দিছপুৰে মৰাণ সকলক জনজাতিকৰণৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছিল যদিও এই ক্ষেত্ৰত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি সংগঠন নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে ৷

22 জানুৱাৰী পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব মৰাণ ছাত্ৰ সন্থাই

যাৰ ফলশ্ৰুতিত জনগোষ্ঠীটোৰ ন্যায্য প্ৰাপ্তিৰ দাবীত পুনৰ এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থায় ৷ সংগঠনটোৱে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অনুসৰি 22 জানুৱাৰীত মৰাণ ছাত্ৰ সন্থাৰ সকলো আঞ্চলিক সমিতিয়ে জোঁৰ সমদল উলিওৱা লগতে 23 তাৰিখে 12 ঘন্টাৰ তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰিছে । এই বন্ধলৈ মটক যুৱ ছাত্ৰ সন্মিলন আৰু মটক সন্মিলনেও সমৰ্থন আগবঢ়াইছে বুলি জানিব পৰা গৈছে ৷

ইফালে, 5 ফেব্ৰুৱাৰী পৰা অনিদিষ্টকালিন অৰ্থনৈতিক অৱৰোধ, 20 ফেব্ৰুৱাৰী ভিতৰত সকলো আঞ্চলিক সমিতিয়ে আয়োজন কৰিব সমাবেশ ৷ 25 ফেব্ৰুৱাৰী ভিতৰত জাতীয় অভিৱৰ্তন আৰু মাৰ্চৰ ভিতৰত বিশাল গণ সমাবেশ আয়োজন কৰাৰ কথা জানিবলৈ দিছে মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ।

লগতে পঢ়ক : আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা

Last Updated : Jan 21, 2021, 10:56 PM IST

ABOUT THE AUTHOR

...view details