অসম

assam

ETV Bharat / state

Planting of Trees in Tinsukia:গছপুলিৰে অসমৰ মানচিত্ৰ অংকন কৰি বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস - গছপুলিৰে অসমৰ মানচিত্ৰ অংকন

মাৰ্ঘেৰিটাৰ উলুপ পথাৰত ৬ লাখ ৩২ হাজাৰ গছপুলিৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস ৷ চৰকাৰৰ এই অভিযানৰে বৃক্ষ নিৰ্ভৰ সেউজ অৰ্থনীতিৰ সূচনা কৰাৰ লক্ষ্য় নিৰ্ধাৰণ ।

Guinness Book of Records
গছপুলিৰে অসমৰ মানচিত্ৰ অংকন

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 8:37 PM IST

গছপুলিৰে অসমৰ মানচিত্ৰ অংকন

তিনিচুকীয়া, ১৬ ছেপ্টেম্বৰঃ অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইনথেম গাঁও পঞ্চায়তৰ উলুপ পথাৰ ঔদ্যোগিক ক্ষেত্ৰত গছপুলি ৰোপণৰ এক কাৰ্যসূচী হাতত লোৱা হৈছে ৷ তাৰ পূৰ্বে আজি ঔদ্যোগিক ক্ষেত্ৰখনৰ ২৬ বিঘা মাটিত প্ৰায় ৬ লাখ ৩২ হাজাৰ বিভিন্ন গছপুলিৰে অসমৰ মানচিত্ৰৰ সৰ্ববৃহৎ মজাইক অংকন কৰা হয় । মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ১ কোটি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণেৰে অসমত এক বৃক্ষ নিৰ্ভৰ সেউজ অৰ্থনীতিৰ সূচনা কৰাৰ লক্ষ্য় নিৰ্ধাৰণ কৰা হৈছে । লগতে‌ সৰ্বমুঠ ৯ টা বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত বন বিভাগৰ সহযোগিতাত মাৰ্ঘেৰিটাৰ উলুপ পথাৰ ঔদ্যোগিক ক্ষেত্ৰত এই কাৰ্যসূচী হাতত লোৱা হয় । উলুপ পথাৰ ঔদ্যোগিক পামত প্ৰায় ৬ লাখ ৩২ হাজাৰ গছপুলিৰে অসমৰ মানচিত্ৰৰ সৰ্ববৃহৎ মজাইক অংকনেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস কৰা হৈছে । মানচিত্ৰখনৰ মাজতে আছে অসম গৌৰৱ এশিঙিয়া গঁড়ৰ প্ৰতিচ্ছবি ।

উক্ত অনুষ্ঠানত গিনিজ বুক অৱ ৰেকৰ্ডৰ প্ৰতিনিধি উপস্থিত থাকি সমগ্ৰ দিশসমূহ পৰ্যবেক্ষণ কৰে । অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পাল, মাৰ্ঘেৰিটা মহকুমা মহকুমাধিপতি প্ৰীতি কুমাৰী, ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী পি চি ৰঞ্জিত ৰাম, মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মা, ডিগবৈ বিধায়ক সুৰেন ফুকনসহ বিজেপিৰ দলৰ বহু নেতা কৰ্মী লগতে স্থানীয় বহু দল সংগঠনৰ প্ৰতিনিধি উপৰি স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক:Congress Leader Joined TMC : কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন সদস্যৰ

ABOUT THE AUTHOR

...view details