অসম

assam

ETV Bharat / state

অনিশ্চয়তাৰ মাজত বাঘজানৰ তৈলখাদৰ জুই নিৰ্বাপন

মঙলবাৰে অইল ইণ্ডিয়া, ONGC ৰ লগতে বিশেষজ্ঞৰ দলে অহৰহ চেষ্টা কৰিও জুই নিৰ্বাপন কৰিবলৈ সফল নহ'ল । জানিব পৰা মতে BOPত সংঘটিত হৈছিল কাৰিকৰী বিজুতি ৷ উল্লেখযোগ্য যে, জুই নিৰ্বাপনৰ ক্ষেত্ৰত অইল ইণ্ডিয়া, ONGC ৰ লগতে বিদেশী বিশেষজ্ঞৰ দলে অহৰহ চেষ্টা অব্যাহত ৰখাৰ পাছতো বাৰে-বাৰে বিফল হ'বলগীয়া হৈছে ।

Amidst uncertainty Baghjan's oil field firefighting work
অনিশ্চয়তাৰ মাজত বাঘজানৰ তৈলখাদৰ জুই নিৰ্বাপন কাৰ্য

By

Published : Aug 19, 2020, 8:43 PM IST

ডুমডুমা,19 আগষ্টঃ ক্ৰমাৎ অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে বাঘজান BGR-5 নম্বৰ তৈলখাদৰ অগ্নিকাণ্ডই ৷ ইটোৰ পিছত সিটো কাৰিকৰী বিজুটি ৷ বিফল অইল ইণ্ডিয়া, বিফল ONGC ৷ বিদেশৰ পৰা বিশেষজ্ঞ দল আহিও সক্ষম হোৱা নাই জুই নিৰ্বাপন কৰিবলৈ ৷ সোমবাৰে সফলতাৰে বাঘজানৰ তৈলখাদত BOP স্থাপন কৰা হয় যদিও মঙলবাৰে অইল ইণ্ডিয়া, ONGC ৰ লগতে বিশেষজ্ঞৰ দলে অহৰহ চেষ্টা কৰিও জুই নিৰ্বাপন কৰিবলৈ সফল নহ'ল । জানিব পৰা মতে BOP ত সংঘটিত হৈছিল কাৰিকৰী বিজুতি ৷ উল্লেখযোগ্য যে, জুই নিৰ্বাপনৰ ক্ষেত্ৰত অইল ইণ্ডিয়া, ONGC ৰ লগতে বিদেশী বিশেষজ্ঞৰ দলে অহৰহ চেষ্টা অব্যাহত ৰখাৰ পাছতো বাৰে-বাৰে বিফল হ'বলগীয়া হৈছে ।

অনিশ্চয়তাৰ মাজত বাঘজানৰ তৈলখাদৰ জুই নিৰ্বাপন কাৰ্য

ইপিনে,যোৱা 85 টা দিনেই আশ্ৰয় শিবিৰত থাকি বাঘজানবাসীয়ে কটাবলগীয়া হৈছে যন্ত্ৰণাকাতৰ সময় ৷ আপোন ঘৰ-বাৰী হেৰুৱাই সৰ্বহাৰা হোৱা বাঘজানবাসীৰ মাজত আজিও কান্দোনৰ ৰোল ৷ বহু আশা আৰু প্ৰত্যাক্ষাৰে মঙলাবাৰে পুৱাৰে পৰা জুই নিৰ্বাপনৰ বাবে বাট চাই আছিল যদিও জুই নিৰ্বাপন কৰিবলৈ সক্ষম নোহোৱাত এতিয়া আৰু অধিক শংকিত হৈ পৰিছে বাঘজানবাসী ৷

আনহাতে,অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালক (CMD) সুশিল চন্দ্ৰ মিশ্ৰৰ লগতে অইল ইণ্ডিয়াৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷

লক্ষণীয় হ'ব এনেদৰে আৰু কিমান দিন জ্বলি থাকিব বাঘজান তৈলখাদৰ জুই ৷ অইল ইণ্ডিয়া, ONGC ৰ লগতে বিশেষজ্ঞৰ দল সক্ষম হ'বনে জুই নুমুৱাবলৈ ! নে বাঘজানবাসীয়ে ভয়-শংকাৰ মাজেৰেই পাৰ কৰি থাকিব লাগিব সময়বোৰ ?


লগতে পঢ়কঃসুশান্তৰ মৃত্যু গোচৰ : চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details