তিনিচুকীয়া,10 আগষ্ট: তিনিচুকীয়াৰ এগৰাকী কোভিড 19 ত আক্ৰান্ত ৰোগীয়ে উত্থাপিত কৰিছে এক গুৰুত্বপূৰ্ণ অভিযোগ ৷ জিলাখনৰ গেলাপুখুৰী ভেৰজানৰ ৰিতুপৰ্ণ খাটোৱাল নামৰ ব্যক্তিগৰাকী সম্প্ৰতি কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ৷ কিন্তু চিকিৎসাধীন খাটোৱালে চিকিৎসালয়ৰ অধীক্ষক ডাঃ মৃদুল গগৈৰ উপৰিও এগৰাকী মহিলা আৰক্ষী আৰু জোৱানৰ বিৰুদ্ধে উত্থাপিত কৰিছে মাৰপিটৰ এক অভিযোগ ৷ যুৱকগৰাকীক তিনিওগৰাকী ব্যক্তিয়ে মিলি হাত বান্ধি মাৰ-ধৰ কৰিছিল ৷ বিগত 29 জুলাইত হায়দৰাবাদৰ পৰা যুৱকগৰাকী অসমলৈ অহাৰ পিছতে শৰীৰত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ সেয়ে যুৱকগৰাকী ভৰ্তি হৈছিল তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ৷
তিনিচুকীয়াত কৰ’ণা ভাইৰাছত আক্ৰান্তক মাৰপিটৰ অভিযোগ
হায়দৰাবাদৰ পৰা অসমলৈ অহা এগৰাকী যুৱকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ভৰ্তি হৈছিল তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ৷ কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই মাত্ৰ এদিন ৰখাৰ পিছতে যুৱকগৰাকীক ঘৰলৈ যোৱাৰ নিৰ্দেশ দিয়াত যুৱকগৰাকীয়ে উভটি প্ৰশ্ন কৰে চিকিৎসালয় কৰ্তৃপক্ষক ৷ ৰিতুপৰ্ণ খাটোৱাল নামৰ যুৱকগৰাকীৰ প্ৰশ্নত ক্ষুণ্ণ চিকিৎসালয় কৰ্তৃপক্ষই মাৰপিট কৰে যুৱকগৰাকীক ৷
কৰ’ণা ভাইৰাছত আক্ৰান্তক মাৰপিটৰ অভিযোগ
চিকিৎসালয় কৰ্তৃপক্ষই মাত্ৰ এদিন যুৱকগৰাকীক চিকিৎসালয়খনত ৰাখি পিছদিনা ঘৰলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷ সেই সম্পৰ্কত যুৱকগৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক প্ৰশ্ন কৰাত মাৰ-ধৰ কৰে যুৱকগৰাকীক ৷ ইতিমধ্যে ভুক্তভোগী ৰিতুপৰ্ণ নামৰ যুৱকগৰাকীয়ে ঘটনা সন্দৰ্ভত শনিবাৰে গেলাপুখুৰী আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷