অসম

assam

By

Published : Jan 12, 2021, 1:31 PM IST

Updated : Jan 12, 2021, 1:42 PM IST

ETV Bharat / state

ডুমডুমাত চিকিৎসাকৰ্মীক আক্ৰমণৰ অভিযোগ

ডুমডুমা FRU চিকিৎসালয়ত চিকিৎসাকৰ্মীক আক্ৰমণৰ অভিযোগ । এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত সৃষ্টি হয় উতপ্ত পৰিস্থিতিৰ ।

ডুমডুমাত চিকিৎসাকৰ্মীক আক্ৰমণৰ অভিযোগ
ডুমডুমাত চিকিৎসাকৰ্মীক আক্ৰমণৰ অভিযোগ

ডুমডুমা, 12 জানুৱাৰীঃতিনিচুকীয়াৰডুমডুমা FRU চিকিৎসালয়ত চিকিৎসাকৰ্মীক একাংশ লোকে আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি,ডুমডুমাৰ সমীপৰ বিছাকুপিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'য় । এই পথ দূৰ্ঘটনাটোত মটৰ চাইকেল আৰোহী ফুলেশ্বৰ বৰ্মন নামৰ এগৰাকী ৪০ বছৰীয়া লোক গুৰুতৰভাৱে আহত হৈ মুমূৰ্ষু অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰি আছিল । লোকজনক একাংশ লোকে ডুমডুমাস্থিত FRU চিকিৎসালয়লৈ আনে যদিও বহুসময় ধৰি দুৰ্ঘটনাত পতিত হোৱা লোকজনক চিকিৎসালয়ত কোনোধৰণৰ চিকিৎসা সেৱা আগ নবঢ়োৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি একাংশ লোকে এক উতপ্ত পৰিস্থিৰ সৃষ্টি কৰে ।

চিকিৎসাকৰ্মীক আক্ৰমণৰ অভিযোগ

আনকি উত্তেজিত লোকসকলৰ একাংশই চিকিৎসকৰ লগতে নাৰ্চক শাৰিৰীকভাৱে আক্ৰমণ কৰাৰো গুৰুতৰ অভিযোগ কৰিছে কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে । বিপৰীতে,চিকিৎসাকৰ্মী সকলৰ ভাষ্যমতে দুৰ্ঘটনাত পতিত লোকজনক চিকিৎসালয়লৈ মৃত অৱস্থাত অনা হৈছিল। পৰৱৰ্তী সময়ত চিকিৎসালয়খনত ডুমডুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও একাংশ লোক আৰক্ষীৰ সৈতেও তৰ্কযুদ্ধত লিপ্ত হোৱা দেখা যায় ।

ডুমডুমাত চিকিৎসাকৰ্মীক আক্ৰমণৰ অভিযোগ

বিছাকুপিত সংঘটিত দুৰ্ঘটনাত AS-23T-7250 নম্বৰৰ এখন মটৰ চাইকেলত থকা ডুমডুমা মুলান পথাৰৰ ফুলেশ্বৰ বৰ্মন নামৰ লোকজন নিহত হোৱাৰ লগতে ললিত হাজৰিকা (২৫) নামৰ আন এজন লোক সামান্য পৰিমানে আহত হ'য় । ডুমডুমা আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি মটৰ চাইকেল আৰোহীজনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ৰেল বিভাগৰ খুটাত খুণ্ডা মৰা ফলত মূৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে ৷

লগতে চাওকঃ লাইকা-দধিয়াবাসীৰ মাজত পলাশ চাংমাই

Last Updated : Jan 12, 2021, 1:42 PM IST

ABOUT THE AUTHOR

...view details