তিনিচুকীয়া, 11 জানুৱাৰী : বহু বছৰৰ পাছত তিনিচুকীয়াৰ লক্ষীপথাৰবাসী ৰাইজৰ যেন বহুদিনীয়া আশা এটা পূৰণ হ’বলৈ গৈ আছিল । লক্ষীপথাৰবাসীয়ে বহু আশাৰে ভাবি আছিল এটা ভাল পথৰ ওপৰেৰে অহা যোৱা কৰিবলৈ পাব । বহু দুৰ্দশাৰ মাজতে বছৰৰ পিছত বছৰ পাৰ কৰিলে লক্ষীপথাৰৰ ৰাইজে ৷ লক্ষীপথাৰবাসীয়ে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ পথ বুলি বিবেচনা কৰা পথটো হ’ল ডিগবৈ-বালিজান হৈ লক্ষীপথাৰ সংযোগী মুখ্য পথটো ।
এই পথছোৱাৰ প্ৰায় ৫ কিলোমিটাৰ দৈঘ্যই লক্ষীপথাৰবাসীক বহু বছৰৰ পৰা জলা-কলা খুৱাই আহিছে (Pathetic road condition in Lakhipathar)। একেবাৰে বিধ্বস্ত এই পথছোৱা অইল ইণ্ডিয়াৰ অধীনত পৰে আৰু অইল ইণ্ডিয়াই বহু বছৰৰ পাছত এই পথছোৱা পকীকৰণৰ ব্যৱস্থা হাতত লয় আজিৰ পৰা ১৬ বছৰ মান আগতে । তাৰ কেইবছৰমান পিছত লাহে লাহে পথছোৱা বিধ্বস্ত হয় আৰু মাজতে এবাৰ জোৰা-টাপলি মাৰি অইল ইণ্ডিয়াই মেৰামতি কৰিছিল পথছোৱা (Road construction by Oil India Limited) ।
কিন্তু অতি নিম্নমানৰ নিৰ্মাণ সামগ্ৰীৰে বনোৱাৰ বাবে পথছোৱা এবছৰৰ পাছৰ পৰাই পুনৰ বিধ্বস্ত হৈ পৰে আৰু আজি পৰ্যন্ত তেনেদৰেই বহু যন্ত্ৰণাৰ মাজেৰে লক্ষীপথাৰবাসীয়ে এই পথছোৱাৰে অহা-যোৱা কৰি আছে (Corruption in road construction)।