অসম

assam

By

Published : Sep 12, 2020, 6:38 PM IST

ETV Bharat / state

প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ

যি সময়ত বান-গৰাখহনীয়াত ঘৰ-বাৰী হেৰুওৱা শ শ পৰিয়ালে এটুকুৰা আশ্ৰয়স্থলৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে, তেনে সময়তে এগৰাকী প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছে ভূমি বেদখলৰ অভিযোগ ৷ খোদ দলীয় সতীৰ্থই উত্থাপন কৰিছে এই অভিযোগ ৷

former congress mla
former congress mla

তিনিচুকীয়া,12 ছেপ্টেম্বৰ : এগৰাকী প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে উত্থাপিত হৈছে ভূমি বেদখলৰ অভিযোগ ৷ চাবুৱা নগৰৰ চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ বিৰুদ্ধে ৷ প্ৰাক্তন বিধায়কজনৰ বিৰুদ্ধে সৰব হৈছে অহা বিধানসভা নিৰ্বাচনত চাবুৱা সমষ্টিৰ কংগ্ৰেছৰ দাবীদাৰ দিগন্ত হাজৰিকা ৷

প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ

ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত আপোন ঘৰখন হেৰুৱাই এতিয়াও আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে চাবুৱা সমষ্টিত দধিয়া, ৰংমলা, মিৰিগাঁও আদি বহুকেইখন গাঁৱৰ শ শ পৰিয়ালে ৷ বহুতেই হাবিৰ মাজত জীৱ-জন্তুৰ লগত দিন কটাইছে ৷ এই লোকসকলে চৰকাৰক বাৰম্বাৰ জীয়াই থাকিবলৈ এটুকুৰা আশ্ৰয় বিচাৰি কাবৌ কাকূতি কৰাৰ সময়তে চাবুৱা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজু চাহুৱে মাটি বেদখল কৰাৰ গুৰুতৰ তথ্য পোহৰলৈ আহিছে ৷ চাবুৱাৰ গৰু বজাৰ নগৰখনৰ অতি মূল্যবান চৰকাৰী মাটি একাংশ বিষয়াক মেনেজ কৰি অবৈধভাৱে চাকৰিয়াল পত্নীৰ নামত দখল কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত এতিয়া প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছ দলৰেই দিগন্ত হাজৰিকা ৷

ঘটনাৰ বিৱৰণ অনুসৰি বৃহত্তৰ চাবুৱা অঞ্চলৰ সাহিত্যিক, সাংবাদিক লেখকৰ লগতে সমাজৰ সচেতন ব্যক্তিসকলৰ উমৈহতীয়া অনুষ্ঠান চাবুৱা প্ৰেছ গীল্ডৰ কাৰ্যালয়ৰ বাবে ২০১৫ চনৰ পৰাই অধিগ্ৰহণ কৰি থোৱা এই মাটিডোখৰত শেহতীয়াকৈ এটা কাৰ্যালয় নিৰ্মাণৰ বাবে যা-যোগাৰ কৰিছিল ৷ তেনে সময়তেই প্ৰাক্তন বিধায়কগৰাকীয়ে উক্ত ২কঠা ১০ লেচা মাটি তেওঁৰ পত্নীৰ নামত আছে বুলি চাবুৱা থানাত গোচৰ দিবলৈ অহাত এতিয়া সকলোৰে চকু কপালত উঠিছে ৷

ৰাজু চাহুৰ মন্তব্য

আনহাতে কংগ্ৰেছৰ পানীতোলা ব্লকৰ প্ৰশাসনিক সম্পাদক অনিল ভাত্ৰাইও প্ৰাক্তন বিধায়কগৰাকীৰ এই কৰ্মকাণ্ডক তীব্ৰ সমালোচনা কৰাৰ লগতে ইয়াৰ এক উচিত তদন্তৰ দাবী জনাইছে ৷ চাবুৱাৰ প্ৰাক্তন বিধায়ক গৰাকীৰ মতে কংগ্ৰেছৰ চৰকাৰৰ দিনতে এই মাটি তেওঁৰ পত্নীৰ নামত আবণ্টন হৈছিল । এই সমগ্ৰ ঘটনাৰ পাচত এতিয়া প্ৰশাসন আৰু দল-সংগঠনসমূহে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া আগন্তুক সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :আঞ্চলিক ৰাজনৈতিক সমীকৰণ : সংগঠিত নহ'লে লাভান্বিত হ’ব নেকি বিজেপি !

ABOUT THE AUTHOR

...view details