অসম

assam

ETV Bharat / state

Covid situation in Tinsukia : ক'ভিড পৰিস্থিতিৰ বাবে তিনিচুকীয়াত সকলো অনুষ্ঠান বাতিল - প্ৰতিখন জিলাতে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে । তিনিচুকীয়া জিলাতো দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা (Covid cases increased in Tinsukia) । যাৰ বাবে জিলাখনৰ সকলো ৰাজহুৱা অনুষ্ঠান বাতিল কৰা হৈছে ।

Covid situation in Tinsukia
ক'ভিড পৰিস্থিতিৰ বাবে তিনিচুকীয়াত সকলো অনুষ্ঠান বাতিল

By

Published : Jan 18, 2022, 6:09 PM IST

তিনিচুকীয়া, ১৮ জানুৱাৰী :সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । অসম চৰকাৰে ইতিমধ্যে ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে । সমান্তৰালকৈ জিলাসমূহেও ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে ।

তিনিচুকীয়া জিলাত শেহতীয়াকৈ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে (Covid cases increased in Tinsukia)। যাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা । জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত জিলা দণ্ডাধীশে এক নিৰ্দেশনাযোগে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ জিলাখনত সকলো ৰাজহুৱা অনুষ্ঠান বাতিল কৰিছে ।

ক'ভিড পৰিস্থিতিৰ বাবে তিনিচুকীয়াত সকলো অনুষ্ঠান বাতিল

বিশেষকৈ সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, শৈক্ষিক, সাংস্কৃতিক, ধৰ্মীয় তথা মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানৰ বাবে পূৰ্বে দিয়া অনুমতিসমূহো বাতিল কৰিছে প্ৰশাসনে । পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈ এই নতুন নিৰ্দেশনা বাহাল থাকিব বুলিও জনাইছে জিলা প্ৰশাসনে ।

উল্লেখ্য যে, সোমবাৰৰ দিনটোত তিনিচুকীয়া জিলাখনত ৪০৬ গৰাকী ব্যক্তিৰ দেহত পোৱা গৈছে ক'ভিডৰ অৱস্থিতি । জিলাখনত ক'ভিড আক্ৰান্তৰ হাৰ ১৮.৬০ শতাংশলৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক :Third Wave of Covid in Assam : ক’ভিডৰ তৃতীয় ঢৌৰ সৰ্বাধিক ভয়াৱহতা ৰাজ্যত

ABOUT THE AUTHOR

...view details