তিনিচুকীয়া, ৮ ছেপ্টেম্বৰ :সমস্যাৰ অন্ত নাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ৷ উচিত মূল্য বিচাৰি সময়ে সময়ে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কোনো কাণসাৰ নাই চৰকাৰী কৰ্তৃপক্ষৰ ৷শুকুৰবাৰে তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমা নগৰৰ ৰাজহুৱা খেলপথাৰত পুনৰ প্ৰতিবাদত বহিল সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ৷ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমা নগৰৰ ৰাজহুৱা খেলপথাৰত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ-শ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উপস্থিতিত আয়োজন কৰা এই কাৰ্যসূচীত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উৎপাদন কৰা কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ দাবী জনায় ।
ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাত উৎপাদন কৰিবলৈ প্ৰয়োজন হোৱা খৰচতকৈ কম মূল্য এই সকল ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰি আহিছে । যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ ভৱিষ্যত তীব্ৰ সংকটৰ দিশে গতি কৰিছে । ইফালে, একাংশ বহিৰাগত বণিয়াৰ হাতত থকা ফেক্টৰী সমূহে প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাতৰ মূল্য ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ১২-১৩ টকাহে প্ৰদান কৰি আহিছে ।