অসম

assam

ETV Bharat / state

1951 চনক ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্তলৈ সঁহাৰি সদৌ মৰাণ ছাত্ৰ সন্থাৰ - কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা সদৌ মৰাণ ছাত্ৰ সন্থাৰ

জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে সৰৱ হ'ল সদৌ মৰাণ ছাত্ৰ সন্থা ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেও চৰকাৰক তীব্ৰ সমালোচনা সংগঠনটোৰ ৷

সংবাদমেলত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা মৰাণ ছাত্ৰ সন্থাৰ

By

Published : Nov 23, 2019, 4:45 AM IST

তিনিচুকীয়া , 23 নৱেম্বৰ: মৰাণ জনগোষ্ঠীৰ লগতে আন 5 টা জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে কৰি অহা প্ৰতাৰণাক লৈ সৰৱ হৈ পৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা ৷ শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়া গোলাপ চন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত সংবাদমেল অনুস্থিত কৰি তিনিটাকৈ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিলে সংগঠনটোৱে ৷

উল্লেখ্য যে, পুনৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰিব বিচৰা কাৰ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি ক্ষোভ উজাৰে ছাত্ৰ সংগঠনটোৱে ৷ নাগৰিকত্ব বিধেয়ক গৃহীত কৰাৰ মূল্য চৰকাৰে ভৰিব লাগিব বুলিও মন্তব্য কৰে সংগঠনটোৰ সভাপতিজনে ৷

সংবাদমেলত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা সদৌ মৰাণ ছাত্ৰ সন্থাৰ

আনহাতে "কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ দৰে ভিত্তিবৰ্ষ 1971 ৰ বিপৰীতে 1951 হোৱাত তেওঁলোকৰ কোনো সমস্যা নাই যদিহে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কোনো ৰাজনীতি জড়িত হৈ নাথাকে ৷" বুলিও সংবাদমেলত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে মন্তব্য কৰে ৷

লগতে পঢ়কঃ উদ্ধৱ থাকৰেৰ নেতৃত্বত গঠন হ'ব চৰকাৰ: শাৰদ পাৱাৰ

ABOUT THE AUTHOR

...view details