অসম

assam

ETV Bharat / state

তিনিচুকীয়াত ছাত্ৰ নেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ - ছাত্ৰ নেতাৰ বিৰুদ্ধে অভিযোগ

আটছাৰ এজন ছাত্ৰ নেতাৰ বিৰুদ্ধে স্বামী নথকাৰ অৱস্থাত ঘৰত সোমাই এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত চ'তা হাপজানত সংঘটিত হৈছে এই ঘটনা ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ ৷

aligation against a student leader in Tinsukia for rape a women
তিনিচুকীয়াত ছাত্ৰ নেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

By

Published : Jun 1, 2021, 8:33 PM IST

তিনিচুকীয়া, 1 জুন : যোৱা ২৮ মে' তাৰিখে তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত চ'তা হাপজানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ছাত্ৰ সংগঠনৰ এজন নেতাৰ বিৰুদ্ধে স্বামী নথকাৰ অৱস্থাত ঘৰত সোমাই এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি আটছাৰ মাকুম শাখা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক চনু পাণিকা নামৰ ছাত্ৰ নেতাজনে চ'তা হাপজানৰ নিবাসী মহেশ তাঁতীৰ পত্নীক যোৱা ২৮ মে' তাৰিখে ধৰ্ষণ কৰে । মহিলা গৰাকীৰ স্বামী ঘৰত নথকা অৱস্থাত যুৱকজনে মুখত সোপা দি মহিলা গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

তিনিচুকীয়াত ছাত্ৰ নেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

পৰৱৰ্তী সময়ত ঘটনা সম্পৰ্কে মহিলা গৰাকীৰ স্বামীয়ে অৱগত হোৱাৰ পাছতেই মাকুম আৰক্ষী প্ৰশাসনৰ কাষ চাপে আৰু যুৱকজনৰ বিৰুদ্ধে মাকুম আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে । কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে, ঘটনাৰ পাছতে ধৰ্ষণকাৰী চনু পাণিকাই ৰাজহুৱাকৈ ক্ষমা খুজিব বুলি এখন পত্ৰযোগে পৰিয়ালৰ লগতে সংগঠনক জানিবলৈ দিয়ে । কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি জনোৱা হোৱা নাই বুলি জনায় সংগঠনটোৱে ।

ইফালে এচিএমএছ আৰু আছাৰ বিষয়-ববীয়াই উক্ত ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায় । আনহাতে, বিগত ২৮ মে' তাৰিখে হোৱা ঘটনাটো ৩০ মে' তাৰিখে ধৰ্ষিতা মহিলা গৰাকীক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছাই । ছাত্ৰ সংগঠনৰ নেতা হোৱাৰ বাবে ঘটনা সম্পৰ্কে আৰক্ষীয়ে নাীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: আজি বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব ডিএছপি যতীন দাসক

ABOUT THE AUTHOR

...view details