ডিগবৈ.7 আগষ্টঃ ডিবাং ভেলী জলবিদ্যুত প্ৰকল্পৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মীয়মান সকলোবোৰ বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিগবৈ, মাৰ্ঘেৰিটা আৰু পেঙেৰী আঞ্চলিক সমিতিয়ে বুধবাৰে ডিগবৈৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনৰ বিষয়ববীয়া সকলে ৷ অতি শীঘ্ৰে নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
প্ৰসংগঃ বৃহৎ নদীবান্ধ বন্ধ-ডিগবৈত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - ডিবাং ভেলী জলবিদ্যু প্ৰকল্প
বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত ডিগবৈ যুৱ-ছাত্ৰ পৰিষদৰ সদস্যসকলৰ ৷
বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ
উল্লেখ্য যে,ডিবাং ভেলী জলবিদ্যুত প্ৰকল্পৰ নদী বান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত বিভিন্ন সময়ত দল সংগঠন সমূহে মাত মাতি আহিছে যদিও এই পৰ্যন্ত চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে তিনিচুকীয়াৰ বিভিন্ন দল সংগঠন ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বুধবাৰে ডিগবৈত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ সংগঠনটোৱে ৰাজ্য চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ গ’বেক,বৃহৎ নদীবান্ধ বন্ধ কৰক আদি শ্লোগান দিয়ে ৷