শদিয়া, ২৯ আগষ্ট :ৰাজ্যৰ ভিন্ন প্ৰান্তত সীমা বিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ আন্তঃৰাজ্যিক পাৰপত্ৰ (Inner Line Permit) প্ৰদানৰ দাবীত তিনিচুকীয়া জিলাৰ শদিয়াত উত্তাল প্ৰতিবাদ । শনিবাৰে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ শান্তিপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP) । অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত সংগঠনটোৱে এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত শদিয়া, বৰডুবি, ডাঙৰী ছৈখোৱা, মাকুম আঞ্চলিক সমিতিৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় । শদিয়া আৰক্ষী তথা প্ৰশাসনৰ তীব্ৰ বাধাৰ মাজতো সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কন গগৈ , যুটীয়া সম্পাদক সুৰজিৎ মৰাণো উপস্থিত থাকে এই প্ৰতিবাদত ।
সংগঠনটোৰ নেতাসকলে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত জিলা সমিতিৰ লগতে কেইবাখনো আঞ্চলিক সমিতিৰ প্ৰায় দুই শতাধিক সদস্যই অংশগ্ৰহণ কৰে ৷