ডুমডুমা,4মাৰ্চঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে অসমত আন্তঃ ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত বৃহস্পতিবাৰে ডুমডুমাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বাইক ৰেলী বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে ডুমডুমা আঞ্চলিক সমিতিয়ে এই বাইক ৰেলী বাহিৰ কৰে ।
ডুমডুমাত AJYCP ৰ প্ৰতিবাদ - আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন
"কা" বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত ডুমডুমাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বাইক ৰেলী ৷
ডুমডুমাত AJYCP ৰ প্ৰতিবাদ
উল্লেখযোগ্য যে, অতি শীঘ্ৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে অসমত আন্তঃ ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী জনাই ডুমডুমা নগৰ খেলপথাৰৰ পৰা এই প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰি ডুমডুমা নগৰ পৰিভ্ৰমন কৰে সংগঠনটোৱে । ডুমডুমাৰ সমান্তৰালকৈ জিলাখনৰ কাকপথাৰ, ফিল'বাৰী, মাকুম, ডাঙৰী আদি ঠাইতো যুৱ-ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিসমূহে প্ৰতিবাদী বাইক ৰেলী উলিওৱা দেখা যায় ।
লগতে পঢ়কঃ শুকুৰ আলী OUT জছিম খান IN