শদিয়া,27 ছেপ্তেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন , EIA-2020 বাতিল আৰু সোনজানৰ পৰা বৰডুমচা সংযোগী পথটো নিৰ্মাণৰ দাবীত দেওবাৰে কাকপথাৰ কৈলাশপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৈলাশপুৰ শাখা সমিতিৰ উদ্যোগত কৈলাশপুৰ পঞ্চায়তৰ প্ৰাংগনত দিনৰ ১১ বজাৰ পৰা তিনিঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি কৃষক নেতা অখিল গগৈৰো মুক্তিৰ দাবী জনায় সংগঠনটোৱে ৷
কাকপথাৰত AJYCPৰ অৱস্থান ধৰ্মঘট - EIA-2020 বাতিল
CAA ,EIA-2020 , অখিল গগৈৰ মুক্তি আৰু সোনজানৰ পৰা বৰডুমচা সংযোগী বিধস্ত পথছোৱা নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷
উল্লেখযোগ্য যে, সোনজানৰ পৰা বৰডুমচা সংযোগী পথটো বছৰ-বছৰ ধৰি জৰাৰ্জীণ হৈ থকাত জীয়াতু ভুগিব লগীয়া হৈছে বহুকেইখন গাৱঁৰ জনতাই ৷ অতি শ্ৰীঘ্ৰে পথছোৱা মেৰামতি নকৰিলে সংগঠনটোৱে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷ দেওবাৰে গ্ৰহণ কৰা কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি উপ সভাপতি সোনমনি ছলিহা, কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি অৰূপ কলিতা, মনোজ তালুকদাৰকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে ৷
লগতে পঢ়কঃ ইটিভি এক্সক্লুচিভ : এইবাৰ কৃষি বিভাগৰ পৰীক্ষা পতাৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক