তিনিচুকীয়া,15 ফেব্ৰুৱাৰী: সোমবাৰে তিনিচুকীয়া চহৰৰ মাজমজিয়াত থকা বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ সভাগৃহত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে অনুষ্ঠিত কৰে আদৰণি আৰু বিদায় সভা ৷ সভাত তিনিচুকীয়া জিলা সমিতিৰ নৰেন্দ্ৰ শইকীয়া আৰু মনিকান্ত মৰাণৰ লগতে দুজন উপদেষ্টা আৰু কাৰ্যনিৰ্বাহক সদস্য বানেশ্বৰ মৰাণক আনুষ্ঠানিকভাৱে বিদায়ী সম্ভাষণ জনোৱা হয় ৷
তিনিচুকীয়া জিলা সমিতি, তিনিচুকীয়া আঞ্চলিক আৰু শাখা সমিতিয়ে আটাইকেইজনকে একোখনকৈ ফুলাম গামোচা, এখন চেলেং চাদৰ আৰু একোখনৈ সঁফোৰা আৰু সম্বৰ্ধনা পত্ৰেৰে বিদায় সম্ভাষণ জনায় ৷ সভাত তিনিওজন বিদায়ী নেতাই অসম জাতীয় পৰিষদত যোগদান কৰা সকলক পূৰ্বৰ দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনায় ৷