অসম

assam

ETV Bharat / state

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক অধিবেশন - তিনিচুকীয়া

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি ডুমডুমা মহাবিদ্যালয়ত আলোচনা চক্ৰ ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক অধিবেশন

By

Published : Aug 27, 2019, 5:33 PM IST

তিনিচুকীয়া, ২৭ আগষ্ট : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক ডুমডুমা অধিবেশনৰ লগত সংগতি ৰাখি মঙলবাৰে ডুমডুমা মহাবিদ্যালয়ত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডুমডুমা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত আলোচনাচক্ৰত "প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি ২০১৯ আৰু ইয়াৰ সাম্ভাব্য প্ৰায়োগিক সমস্যা আৰু সমাধানৰ উপায়" শীৰ্ষক বিষয়ক আলোচনা কৰা হয় ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি বাৰ্ষিক অধিবেশন

আলোচনাচক্ৰখন উদ্ধোধন কৰে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰকাশ জ্যোতি বৰঠাকুৰে । ড০ আব্দুল কাদিৰৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড০ দীনেশ বৈশ্য । আলোচনাচক্ৰত তিনিচুকীয়া জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলে অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details