তিনিচুকীয়া, 6 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ সৰ্বাধিক চৰ্চাত থকা পবিত্ৰ কৰম সন্মিলনখনি হৈছে মাকুম কেন্দ্ৰীয় কৰম সন্মিলন ৷ দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা 21 সংখ্যক মাকুম কেন্দ্ৰীয় সন্মিলনখনি দেওবাৰে সফল সামৰণি পৰে ৷ প্ৰথম দিনৰ পৰাই পবিত্ৰ কৰম পূজাৰ আখৰা-বন্দনা, বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতাই সমগ্ৰ মাকুম অঞ্চলৰ চৌপাশ মুখৰিত কৰি তুলে ৷
কৰম সন্মিলনখনিৰ অন্তিম দিনৰ দিনা নিশা মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ এই মুকলি সভাত মুখ্য অতিথি হিচাপে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বাবলু কুলদ্বীপ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ৰাজু কুৰ্মী, বিশিষ্ট সমাজ সেৱক যোগেশ্বৰ কুৰ্মী, সদৌ অসম ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিৰ বিষয়ববীয়াকে ধৰি আন বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে, এই কৰম সন্মিলনত এইবাৰৰ মুকলি সভাত বিজেপি দলৰ কোনো মন্ত্ৰী-বিধায়কৰ লগতে নেতা-কৰ্মীক উপস্থিত থকা পৰিলক্ষিত নহ’ল ৷