ডুমডুমা, 28 ফেব্ৰুৱাৰী : তেজশ্ৰী যাদৱ এজন আঞ্চলিকতাবাদী নেতা হিচাপে তেওঁৰ প্ৰতি আমাৰ সদভাৱ আছে । আঞ্চলিকতাবাদী সন্মিলিত শক্তিৰ কথা যদি কেতিয়াবা আহে, তেওঁৰ লগত আমি নিশ্চিতভাৱে যোগাযোগ কৰিম । শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তালাপত দেওবাৰে অনুষ্ঠিত হোৱা জাতীয় চাহ শক্তিৰ সাংগঠনিক আৰু যোগদান কাৰ্যসূচীত উপস্থিত হৈ এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই ।
নিজৰ নীতি আদৰ্শত অটল এজেপি - AJP MEETING AT DOOMDOOMA
বিজেপিয়ে হিন্দুক লৈ ৰাজনীতি কৰে, এআইইউডিএফে মুছলমানক লৈ ৰাজনীতি কৰে । আমি অসমীয়াক লৈ ৰাজনীতি কৰিব বিচাৰো ৷ ৰাজনৈতিক দলৰ লগত মিত্ৰতাৰ সন্দৰ্ভত এই কথা উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই ।
জগদীশ ভূঞাই লগতে কয় যে, সৰ্বভাৰতীয় ৰাজনৈতিক দল বা সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ লগত একত্ৰিত হ'ব পৰা কোনো ব্যৱস্থাৰ লগত আমি কেতিয়াও নাথাকো । আমি আমাৰ নীতি আদৰ্শত অটল হৈ আছো । অসমত সাম্প্ৰদায়িক শক্তিৰ বিনাশ হ’বই লাগিব, বিজেপিও সাম্প্ৰদায়িক শক্তি, এআইইউডিএফো সাম্প্ৰদায়িক শক্তি । বিজেপিয়ে হিন্দুক লৈ ৰাজনীতি কৰে, এআইইউডিএফে মুছলমানক লৈ ৰাজনীতি কৰে । আমি অসমীয়াক লৈ ৰাজনীতি কৰিব বিচাৰিছো । বিজেপিয়ে 65 শতাংশ হিন্দু মানুহৰ বাবে কাম কৰিব বিচাৰে, এআইইউডিএফে 35 শতাংশ মুছলমান মানুহৰ বাবে কাম কৰিব বিচাৰে । আমি 100শতাংশ অসমীয়া মানুহৰ বাবে কাম কৰিব বিচাৰো বুলি উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই ।
লগতে পঢ়ক :৫ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা