অসম

assam

ETV Bharat / state

Assam politics: ‘তিনি গগৈ’ক লৈ চলা চৰ্চা সন্দৰ্ভত কি ক’লে লুৰীণজ্যোতি গগৈয়ে ? - Pabitra Margherita

ৰাজ্যৰ ৰাজনীতিত ‘তিনি গগৈ’ক লৈ চলি থকা চৰ্চা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰীণজ্যোতি গগৈয়ে ৷ গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত 7 গৰাকী বিজেপি সাংসদ-বিধায়ক-মন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰাক লৈয়ো প্ৰতিক্ৰিয়া ৷

Assam politics
Assam politics

By

Published : Jul 5, 2023, 4:53 PM IST

‘তিনি গগৈ’ক লৈ চলা চৰ্চা সন্দৰ্ভত কি ক’লে লুৰীণজ্যোতি গগৈয়ে ?

তিনিচুকীয়া, ৫ জুলাই: শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত ‘তিনি গগৈ’ একত্ৰিত হোৱা এখন ফটোক লৈ সৰ্বত্ৰে চৰ্চিত হৈ থকাৰ সময়তে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে তিনিচুকীয়াত সংবাদমাধ্যমৰ আগত মুখ খুলিছে ৷

এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতিৰ লুৰীণজ্যোতি গগৈয়ে কয় যে আমি সমষ্টি নিৰ্ধাৰণৰ কাৰণে নতুন খচৰা প্ৰকাশ কৰাৰ সময়তে শিৱসাগৰত বিৰোধী ৰাজনৈতিক মঞ্চত একত্ৰিত হৈছিলোঁ ৷ তেনে সময়তে কংগ্ৰেছ দলৰ নেতা তথা সাংসদ গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ হৈ সভাপতি হিচাপে মই আৰু তেনেদৰেই আন আন দলৰ নেতাসকলে এখন ফটো উঠিছিলোঁ ৷

সেই সময়ত তেনেদৰেই আৰু আন আন দলৰ নেতাও উপস্থিত আছিল ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰিবলৈ ওলাই যোৱা এখন ফটোক লৈ মন্তব্য কৰাত তেওঁৰ সংকীৰ্ণ মনৰ ভাৱ প্ৰকাশ হয় ৷ লুৰীণজ্যোতিয়ে লগতে কয় যে আমি কোনো আহোম জনগোষ্ঠীৰ কথা উল্লেখ কৰা নাই ৷ আমি খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কথা কৈছোঁ ৷ তেওঁলোকেহে লোকসকলক ভাগ ভাগ কৰাৰ লগতে আকৌ আহোমসকলকো কেইবাটাও ভাগত বিভক্ত কৰিব বিচাৰিছে ৷

তেওঁ লগতে কয়, ‘‘আহোম জনগোষ্ঠীৰ সাত গৰাকীকৈ বিধায়ক, সাংসদ লৈ সংবাদমেল সম্বোধন কৰিবলগীয়া হৈছে ৷ এয়া মুখ্যমন্ত্ৰীয়ে চাবি দিছে আৰু সেইসকলে কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে কৰিব কোৱাৰ কাৰণে সংবাদমেল সম্বোধন কৰিছে ৷ কিন্তু সেনাপতি কাক পাতিছে সেয়াহে আচৰিত লাগিছে ৷ এগৰাকী বিধায়ক, মন্ত্ৰীক সেনাপতি পাতিব লাগিছিল পাতিছে সাধাৰণ পঞ্চায়তৰ নিৰ্বাচন খেলি নোপোৱা এজনক ৷’’

‘‘বাগৰি বাগৰি, আনৰ দুৱাৰে দুৱাৰে ঘূৰি, তৈলমৰ্দন কৰি কৰি, ৰাতিটোতে চোলা সলোৱা এজন লোকক সেনাপতি পাতিছে ৷ নিজৰ উপাধি লিখিবলৈ লাজ কৰা, নিজকে আহোম বুলি ক’বলৈ লাজ কৰা এজনক সেনাপতি পাতিছে গতিকে তেওঁৰ কোনো নিজস্বতা নাই ৷ প্ৰয়োজন হ’লে কাইলৈ নামৰ পিছফালে শৰ্মা, গুৱাহাটীও লিখি দিব ৷ গতিকে তেওঁলোকৰ মনত যে মহানতা নাই, সংকীৰ্ণতা আছে সেয়া প্ৰমাণ হৈছে ৷’’ গগৈয়ে লগতে কয় ৷

পবিত্ৰ মাৰ্ঘেৰিটাক কটাক্ষ লুৰীণজ্যোতি গগৈয়ে আৰু কয়, ‘‘সাংস্কৃতিক দালালি কোনে কৰিছে ৰাইজে ভালকৈ জানে ৷ সেয়েহে এনে লোকৰ বিৰুদ্ধে মন্তব্য নকৰাই ভাল ৷’’

ইফালে বিধানসভাৰ নতুন সমষ্টিৰ খচৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া খিলঞ্জীয়া লোকৰ ৰাজনৈতিক কবচ হ’ব বুলি উল্লেখ কৰাৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰি এয়া যদি কাৰ্যকৰী হয় ‘সৰ্বনাশী কবচ’ হ’ব বুলি উল্লেখ কৰে ৷ কিয়নো লাহোৱালৰ দৰে মটক জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা, চাহ বাগিচাৰ লোকৰ আধিপত্য থকা সমষ্টিক কৰ্তন কৰিছে তেওঁলোকে ৷

লগতে পঢ়ক:Bjp press meet : ‘গগৈ’ ফোবিয়া ! বিজেপিৰ মুখ্য কাৰ্যালয়ত 7 আহোম মন্ত্ৰী-সাংসদ-বিধায়কৰ বৈঠক

ABOUT THE AUTHOR

...view details