অসম

assam

By

Published : Feb 28, 2021, 7:31 PM IST

ETV Bharat / state

তালাপত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় চাহ শক্তিৰ যোগদান কাৰ্যসূচী

চাহ বাগিছাৰ জনসাধাৰণক পূৰ্বতে কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল আৰু বৰ্তমান বিজেপিয়ে তেওঁলোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছে ৷ তেওঁ চাহ জনগোষ্ঠীৰ জণসাধাৰণৰ সৰ্বাংগীন বিকাশ আৰু উন্নতি হ’লেহে অসমৰ সৰ্বাংগীন বিকাশ আৰু উন্নতি সম্ভৱ বুলি ক’লে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই ৷

AJP JOINING PROGRAMME IN DOOMDOOMA
তালাপত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় চাহ শক্তিৰ যোগদান কাৰ্যসূচী

ডুমডুমা, ২৮ ফেব্ৰুৱাৰী : ডুমডুমাৰ সমীপৰ তালাপত দেওবাৰে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় চাহ শক্তিৰ সাংগঠনিক আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞা উপস্থিতিতি বহুসংখ্যক লোকে আজি অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে । শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তালাপত অনুষ্ঠিত হোৱা জাতীয় চাহ শক্তিৰ যোগদান কাৰ্যসূচীত আদিবাসী জনগোষ্ঠীৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়েও দলটোত যোগদান কৰে ।

তালাপত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় চাহ শক্তিৰ যোগদান কাৰ্যসূচী

যোগদান সভাত বক্তব্য ৰাখি চাহ বাগিছাৰ জনসাধাৰণক পূৰ্বতে কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল আৰু বৰ্তমান বিজেপিয়ে তেওঁলোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰা বুলি উল্লেখ কৰে জগদীশ ভূঞাই । তেওঁ চাহ জনগোষ্ঠীৰ জণসাধাৰণৰ সৰ্বাংগীন বিকাশ আৰু উন্নতি হ’লেহে অসমৰ সৰ্বাংগীন বিকাশ আৰু উন্নতি সম্ভৱ বুলি মন্তব্য কৰে । চাহ জনগোষ্ঠী-আদিবাসী সমাজ অসমীয়া জাতিসত্বাৰ এক অবিছেদ্য অংগ আৰু এই জনগোষ্ঠীৰ বিকাশ অবিহনে অসমীয়া জাতিসত্বাৰ বিকাশ হ’ব নোৱাৰে বুলি উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই । যোগদান কাৰ্যসূচীত অতি কম দিনৰ ভিতৰতেই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব বুলি ভূঞাই সাংবাদিকৰ আগত মন্তব্য কৰে ।

লগতে পঢ়ক :কালিলৈ অসম পাবহি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

ABOUT THE AUTHOR

...view details