তিনিচুকীয়া,৪ জুলাই:সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । বিৰোধী ৰাজনৈতিক দলসমূহৰ উপৰিও বিভিন্ন দল-সংগঠনেও এই প্ৰক্ৰিয়া তথা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে নিজৰ স্থিতিত অটল হৈ আছে । ইয়াৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু নতুনকৈ প্ৰস্তুত কৰা খচৰাৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷
এই সন্দৰ্ভত মঙলবাৰ অৰ্থাৎ ৪ জুলাইত উচ্চতম ন্যায়ালয়ত অসম জাতীয় পৰিষদৰ ফালৰ পৰা এক গোচৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে সভাপতি লুৰিণজ্যোতি গগৈয়ে । উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰাৰ পিচতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে লাইপুলিস্থিত নিজা বাসগৃহত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে যি সময়ত অসমলৈ আহিছিল সেই সময়তে অসম জাতীয় পৰিষদৰ দলৰ ফালৰ পৰা বিভিন্ন ন্যায়িক, সাংবিধানিক যুক্তিসমূহ দাঙি ধৰা হৈছিল । তাৰ লগতে যেতিয়ালৈকে বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত থাকিব অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ পৰা প্ৰায় ১৯ লাখ লোকক কৰ্তন, তাৰ উপৰিও পৰৰ্ৱতী সময়ত গোটেই বিষয়টো সম্পূৰ্ণ নকৰিব তেতিয়ালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণে প্ৰকৃত খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক দিশটো সুৰক্ষিত কৰিব নোৱাৰিব ।