শদিয়া, 10 জানুৱাৰী :শদিয়া মহকুমাৰ সদৰ চপাখোৱাৰ ৰাজহুৱা খেলপথাৰত ৮ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত হৈছে সদৌ অসম আহোম সভাৰ ৬২ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন ৷ অধিবেশনৰ লগত সংগতি ৰাখি দেওবাৰে চপাখোৱাস্থিত বীৰ লাচিত ষ্টেডিয়ামৰ পৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ প্ৰায় দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰাই চপাখোৱা চহৰৰ প্ৰায় দুই কিলোমিটাৰ পথ অতিক্ৰম কৰি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰত সামৰণি পৰে ৷ গায়ন-বায়ন, আহোম জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে অসম তথা চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰায় ৩০ টাৰো অধিক সাংস্কৃতিক দলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নিজ নিজ কলা-কৃষ্টি প্ৰদৰ্শন কৰে ৷
সদৌ অসম আহোম সভাৰ ৫১ জনীয়া কেন্দ্ৰীয় সমিতি গঠন - ahom sabha
শদিয়াত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত হৈছে সদৌ অসম আহোম সভাৰ ৬২ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন ৷ অধিৱেশনত আগন্তুক তিনিবছৰীয়া কাৰ্যকালৰ বাবে উমাকান্ত কোঁৱৰক সভাপতি আৰু প্ৰাঞ্জল ৰাজকোঁৱৰক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া কেন্দ্ৰীয় সমিতিখনো গঠন কৰা হয় ৷
ইয়াৰ পাছতেই সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা ক্ষেত্ৰত টাই-আহোম জনগোষ্ঠীৰ মলুং সকলে ধৰ্মীয় ৰীতি-নীতিৰে ফুৰালুং পূজা সম্পন্ন কৰে ৷ তাৰপাছতে অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি সভাত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিন মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকী বিধায়ক, সাংসদ উপস্থিত থাকে ৷ উদ্যোক্তাসকলে অধিৱেশনৰ বিগত দিনকেইটাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আহোম জনগোষ্ঠীৰ সামগ্ৰিক উত্তৰণৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে সদৌ অসম আহোম সভাৰ আগন্তুক তিনিবছৰীয়া কাৰ্যকালৰ বাবে উমাকান্ত কোঁৱৰক সভাপতি আৰু প্ৰাঞ্জল ৰাজকোঁৱৰক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া কেন্দ্ৰীয় সমিতিখনো গঠন কৰা হয় ৷
লগতে পঢ়ক : বড়োভূমিৰ 5 টা সমষ্টিত নিজাকৈ প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে