তিনিচুকীয়া, ১৮ ছেপ্টেম্বৰ:এসময়ত বিদ্ৰোহী সংগঠনত যোগদান কৰি হাতত অস্ত্ৰ লৈ থকা যাদৱ চেতিয়া আজি সফল খেতিয়ক । সশস্ত্ৰ সংগ্ৰামৰ পৰা কেনেকৈ স্ব- নিৰ্ভৰশীল হোৱাৰ সপোন দেখিলে যাদৱে ? আমি আজি ক’ব বিচাৰিছো এসময়ৰ আলফাৰ সদস্য যাদৱ চেতিয়াৰ কথা । আলফাত যোগ দি হাতত অস্ত্ৰ লৈ স্বাধীন অসম বিচাৰি কৰিছিল তেওঁ সশস্ত্ৰ সংগ্ৰাম । কাৰাগাৰলৈ গৈছিল সেনা আৰক্ষীৰ ওচৰত ধৰা দি কেইবাবাৰো ।
এবাৰ নামচাইত আৰু এবাৰ ডিব্ৰুগড় আটক হৈ কাৰাগাৰত থাকিব লগা হৈছিল তেওঁ । কিন্তু সশস্ত্ৰ সংগ্ৰাম কৰা মানুহজনে কাৰাগাৰত থকাৰ সময়তে নিজৰ আন্দোলনৰ পথ সলনি কৰাৰ সপোন দেখিলে । সশস্ত্ৰ বিপ্লৱ নহয়, কৃষি বিপ্লৱ কৰিব তেওঁ । কথা মতেই কাম ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা ওলাই আহি তেওঁ গ’ল তিনিচুকীয়াৰ পানীতোলাৰ ঘৰখনলৈ আৰু আৰম্ভ কৰিলে এক নতুন সংগ্ৰাম ।
প্ৰথমতে তেওঁ চিনাকী হ’ল চাবুৱা, তিনিচুকীয়াৰ কেইবাজনো সফল খেতিয়কৰ লগত । তেওঁলোকৰ পৰা পৰামৰ্শ ল’লে কৃষি, মৎস্য আদি উৎপাদনৰ কৌশল । ইয়াৰ পিচত ২০১০ চনত এবাৰ যি আৰম্ভ কৰিলে আৰু পিচলৈ ঘূৰি নাচালে তেওঁ । আৰম্ভ কৰিলে সমন্বিত কৃষি পদ্ধতিৰে কৃষি কাৰ্য ।
নিজৰ বাৰীতে কৰিবলৈ ধৰিলে ধানকে ধৰি অন্য বহু খেতি । সফল হ’ল তেওঁ খেতিৰ জৰিয়তে । লাহে লাহে সপোন দেখিলে ফাৰ্মিং কৰাৰ । মৎস্য উৎপাদন, গাহৰী, কুকুৰা পালন আৰম্ভ কৰিলে যাদৱে । মৎস্য পালনৰ বাবে বাৰীতে খান্দিলে পুখুৰী । এই সকলোবোৰৰ লগত সংগ্ৰাম কৰি যাদৱ হৈ পৰিল এতিয়া এজন সফল খেতিয়ক ।
লগতে পঢ়ক :Assam’s largest village : অসমৰ সৰ্ববৃহৎ গাঁওখনলৈ সৈতে চিনাকি হওঁ আহক