অসম

assam

By

Published : Jul 24, 2020, 3:44 PM IST

ETV Bharat / state

কাকপথাৰত কৃত্ৰিম পদ্ধতিৰে অগৰু উৎপাদন

সোণোৱাল চৰকাৰে ৰাজ্যৰ আগৰৰ ব্যৱসায়ক মান্যতা প্ৰদানৰ সিদ্ধান্তৰ পাছতো কিন্তু প্ৰাকৃতিকভাৱে অগৰু প্ৰস্তুত নোহোৱাৰ ফলত বহু লোকে এই মূল্যৱান গছবিধ কাটি পেলোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু এই সমস্যা সমাধানৰ ক্ষেত্ৰত আগুৱাই আহিছে তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণ ৷

Tinsukia
সাঁচিগছ

শদিয়া, 24 জুলাই : অগৰুৰ বাবে অসম প্ৰখ্যাত। মধ্য অসম আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তত প্ৰচুৰ পৰিমাণে অগৰু গছৰ অৱস্থিতিৰ কথা ইতিহাসত পোৱা যায়। ইয়াৰ আন এক নাম সাঁচিগছ । আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট পৰিমাণে চাহিদা আছে এই গছবিধৰ ৷ ইয়াৰ কাঠৰ ভিতৰছোৱা কোমল আৰু সুগন্ধিত পদাৰ্থৰে পূৰ্ণ হৈ থাকে। সেই পদাৰ্থখিনিৰে ধূপ,আতৰ,সুগন্ধি,ঔষধৰ লগতে বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয় ৷

কৃত্ৰিম পদ্ধতিৰে অগৰু উৎপাদন

লগতে পঢ়কঃমৰিগাঁৱত আটক চোৰাংচিকাৰীৰ দলৰ মাষ্টাৰ মাইণ্ড

অবৈধ আগৰে 10,000 কোটি টকাৰ ব্যৱসায় কৰিছে ৷ কিন্তু বৈধতাৰ ভিত্তিত অসমৰ মাটিত সহজলভ্য সাঁচিগছৰ মূল্য বজাৰত প্ৰতি কিল'গ্ৰামত ৫০ হাজাৰৰ পৰা ১ লাখ পৰ্যন্ত । সোণোৱাল চৰকাৰে ৰাজ্যৰ আগৰৰ ব্যৱসায়ক মান্যতা প্ৰদানৰ সিদ্ধান্তৰ পাছতো কিন্তু প্ৰাকৃতিকভাৱে অগৰু প্ৰস্তুত নোহোৱাৰ ফলত বহু লোকে এই মূল্যৱান গছবিধ কাটি পেলোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু এই সমস্যা সমাধানৰ ক্ষেত্ৰত আগুৱাই আহিছে তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণ ৷

ইতিমধ্যে কাকপথাৰত কৃত্ৰিম পদ্ধতিৰে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি অগৰু উৎপাদনৰ কাম শুভাৰম্ভ কৰা হৈছে ৷ দৰাচলতে, Agar oil industriesনামৰ উদ্যোগৰ জৰিয়তে সুলভ মূল্যত অগৰু উৎপাদনৰ বাবে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি অগৰু প্ৰস্তুতকৰণৰ ব্যৱস্থা কৰিছে ৷ তিনিচুকীয়া জিলাৰ ৰসৰাজ মৰাণ আৰু ৰঞ্জন মৰাণৰ হাতত কৃত্ৰিম পদ্ধতিৰে অগৰু প্ৰস্তুত কৰাৰ দায়িত্ব প্ৰদান কৰে জিলা পৰিষদে ৷

ABOUT THE AUTHOR

...view details