তিনিচুকীয়া, 27 জানুৱাৰী:৭৩ তম গণৰাজ্য দিৱসৰ মাজতে বাণিজ্যিক চহৰ তিনিচুকীয়াৰ চাইডিং বজাৰত একাংশ ব্যৱসায়ীয়ে চলাই নিছিল নিষিদ্ধ লালিগুৰৰ ৰমৰমীয়া বেহা (Illegal laligur trading) । বৰবিহৰূপে পৰিগণিত হোৱা লালিগুৰৰ কাৰণে ৰাজ্যৰ বিভিন্ন ঠাইত বহু লোকৰ মৃত্যুৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে (Death of people post consuming laligur) । যাৰ বাবে জিলা প্ৰশাসনসমূহে লালিগুৰ কিনা-বেচা আৰু মজুত ৰখাক লৈ নিষেধাজ্ঞা জাৰি কৰিছিল ।
কিন্তু আশ্চৰ্যকৰ বিষয় যে, প্ৰশাসনৰ নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই তিনিচুকীয়াৰ জনৈক উমা শংকৰ নামৰ এজন ব্যৱসায়ীয়ে নিৰ্ভীকমনে চলাই আছিল লালিগুৰৰ ৰমৰমীয়া বেহা । যিটো বাতৰি যোৱা কালি ইটিভি ভাৰতত সবিস্তাৰে প্ৰকাশ পাইছিল । বাতৰি প্ৰকাশ পোৱাৰ পিছতে বৃহস্পতিবাৰে সমগ্ৰ বিষয়টোৰ সম্বন্ধে তিনিচুকীয়াৰ জিলা প্ৰশাসন অবগত হয় । তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা বিষয়টো পৰ্যবেক্ষণৰ বাবে কাৰ্যবাহী দণ্ডাধীশ নিলোৰম শৰ্মাক দায়িত্ব দিয়ে ।