নিউজ ডেস্ক, 19 জানুৱাৰী: ৰাজস্থান চৰকাৰৰ মহাধিবক্তা হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে অসম সন্তান তথা জ্যেষ্ঠ অধিবক্তা ৰতন কুমাৰ আগৰৱালক ৷ বৃহস্পতিবাৰে এক অধিসূচনাৰ জৰিয়তে জ্যেষ্ঠ অধিবক্তাগৰাকীক ৰাজ্য চৰকাৰখনৰ মহাধিবক্তা হিচাবে নিযুক্তি প্ৰদান কৰা হয় ৷
উল্লেখ্য যে তিনিচুকীয়া জিলাৰ পানীতোলাত জন্মগ্ৰহণ কৰা ৰতন কুমাৰ আগৰৱালে দশম শ্ৰেণীলৈকৈ পাঠগ্ৰহণ কৰিছিল পানীতোলা হিন্দী হাইস্কুলত ৷ পৰৱৰ্তী পৰ্যায়ত তেওঁ তিনিচুকীয়া মহাবিদ্যালয়ত নামভৰ্তি কৰি স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ৷ ইয়াৰ পিচত তিনিচুকীয়া আইন মহাবিদ্যালয়ত নামভৰ্তি কৰা ৰতন কুমাৰ আগৰৱালে 1976 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে ৷ উল্লেখ্য যে তিনিচুকীয়া আইন মহাবিদ্যালয়ৰ প্ৰথমটো বেটচৰ ছাত্ৰ আছিল ৰতন কুমাৰ আগৰৱাল ৷
এল এল বি ডিগ্ৰী গ্ৰহণৰ পিচত এজন আইনজীৱী হিচাবে তেওঁ নতুন জীৱনৰ পাতনি মেলে ৷ তিনিচুকীয়া আদালতত তেওঁ এজন অধিবক্তা হিচাবে যোগদান কৰে আৰু 1992 চন পৰ্যন্ত তেওঁ তিনিচুকীয়া আদালততেই এজন সফল অধিবক্তা হিচাবে কৰ্মজীৱন পাৰ কৰে ৷