তিনিচুকীয়া,15 জানুৱাৰী:তিনিচুকীয়া জিলাৰ বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে বিগত বৰ্ষৰ ২১ ডিচেম্বৰৰ পৰা পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান ৰূপে গঢ়ি তোলাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ টিএমপিকে,এমএমকে আৰু টিএমএমকে তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ জানমুখ লেজাইহুলাৰ এডোখৰ চৰকাৰী ভূমিত অস্থায়ী শিবিৰ পাতি অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট অব্যাহত ৰাখিছে ৷
লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অধিবক্তা কৃষ্ণ গগৈ - বিজেপি চৰকাৰক তীব্ৰ সমালোচনা
পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান ৰূপে গঢ়ি তোলাৰ দাবীত ২১ ডিচেম্বৰৰ পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে লাইকা-দধিয়াবাসীয়ে ৷ শুকুৰবাৰে লাইকা দধিয়াবাসীৰ কাষত উপস্থিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈ ৷
![লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অধিবক্তা কৃষ্ণ গগৈ Advocate Krishna gogoi near by laika dadhiya people](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10255355-866-10255355-1610726821158.jpg)
লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অধিবক্তা কৃষ্ণ গগৈ
তিনিচুকীয়াৰ লাইকা দধিয়াবাসীৰ কাষত শুকুৰবাৰে উপস্থিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈ। প্ৰতিবাদস্থলীত উপস্থিত হৈ অধিবক্তাগৰাকীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি লাইকা-দধিয়াবাসীক অতিশীঘ্ৰে পুনৰ সংস্থাপনৰ দাবী জনায় ৷
লগতে পঢ়ক: শনিবাৰৰ পৰা অসমৰ ৬৫ স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী