তিনিচুকীয়া, 22 চেপ্তেম্বৰ: তিনিচুকীয়া জিলাৰ ডিৰাক কপাহতলিত নতুনকৈ স্থাপন হোৱা পদ্মনাথ গোহাঁঞি বৰুৱা আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ এখন সংবাদমেল সম্বোধন কৰি মহাবিদ্যালয়খনৰ প্ৰস্তুতি সমিতিয়ে এই কথা জানিবলৈ দিয়ে ৷ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম ষান্মাষিকৰ কলা শাখাত নাম ভৰ্তি কৰাত ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক অনলাইন যোগে আবেদন কৰিবলৈ আহ্বান মহাবিদ্যলয় কৰ্তৃপক্ষৰ ৷
পদ্মনাথ গোহাঁঞি বৰুৱা আদৰ্শ মহাবিদ্যালয়ত আৰম্ভ হ’ল নামভৰ্তি - admission procedure
তিনিচুকীয়াৰ পদ্মনাথ গোহাঁঞি বৰুৱা আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি আৰম্ভ ৷ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম ষান্মাষিকৰ কলা শাখাৰ বাবে নামভৰ্তি আৰম্ভ ৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক 30 চেপ্তেম্বৰৰ ভিতৰত অনলাইন যোগে আবেদন কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষৰ আহ্বান ৷
প্ৰস্তুতি সমিতিৰ সভাপতি ললিত মৰাণে জানিবলৈ দিয়ে যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম ষান্মাষিকৰ দুয়োটাৰে কলা শাখাত নামভৰ্তি কৰাত ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্বন (অসম চৰকাৰ) ৰ অনলাইন ৰেজিচট্ৰেচন ফৰ ইউনিক আই ডি জেনেৰেচন ৱেবছাইট গৈ সকলো ৰেজিষ্টাৰ কৰিব লাগিব ৷ সমিটীয়ে জনোৱা মতে ৩০ চেপ্টেম্বৰলৈ ছাত্ৰ-ছাত্ৰী সকলে অনলাইন যোগে আবেদন কৰিব পাৰিব ৷ নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধা হ'লে ছাত্ৰ-ছাত্ৰী সকলক ডিৰাক আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান ৷
লগতে পঢ়ক:ডুমডুমাত CAA আৰু EIA বাতিলৰ দাবীৰে AJYCPৰ প্ৰতিবাদ