অসম

assam

ETV Bharat / state

কাকপথাৰৰ ডিৰাকত পথ দুৰ্ঘটনা, এজন নিহত

শদিয়াৰ কাকপথাৰ থানাৰ অন্তৰ্গত ৰঙপুৰীয়াত সংঘটিত পথ দুৰ্ঘটনাত নিহত হয় বালুধৰ মাউত নামৰ এগৰাকী ব্যক্তি ৷

By

Published : Jul 1, 2019, 11:46 PM IST

কাকপথাৰৰ ডিৰাকত পথ দুৰ্ঘটনা, এজন নিহত

কাকপথাৰ, 1 জুলাইঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত ৰঙপুৰীয়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ AS 23 U 3393 নম্বৰৰ স্পেণ্ডাৰ বাইকেৰে নিজ গৃহৰ পৰা বৰডিৰাকলৈ গৈ থকা অৱস্থাত বালুধৰ মাউত নামৰ ব্যক্তিজনৰ সৈতে সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

দুৰ্ঘটনাটোত ব্যক্তিজনৰ থিতাতে মৃত্যু ঘটে ৷ আনহাতে ব্যক্তিজনৰ লগত থকা ফিৰুজ মৰাণ নামৰ যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইতিমধ্যে যুৱকজনক সংকটজনক অৱস্থাত কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷

কাকপথাৰৰ ডিৰাকত পথ দুৰ্ঘটনা, এজন নিহত

ABOUT THE AUTHOR

...view details