তিনিচুকীয়া, 16 মে’: প্ৰায় এমাহৰ অন্তত মুক্তি পালে পেট্ৰ’ল পাম্পৰ অপহৃত কৰ্মচাৰী দীনেশ শৰ্মাই (Namsai Kidnapping Update)৷ যোৱা 26 এপ্ৰিলত নিশা প্ৰায় ৭.৫০ বজাত নামচাইৰ এটা তেল ডিপোৰ কৰ্মচাৰী (কেচিয়াৰ) বিহাৰৰ দীনেশ শৰ্মাক অপহৰণ কৰি লৈ গৈছিল এটা 3 জনীয়া অস্ত্ৰধাৰী দলে (Kidnapping at Arunachal) ৷ তাৰ পিচৰ পৰা কোনো শুংসূত্ৰ পোৱা নাছিল দীনেশ শৰ্মাৰ ৷ অপহৰণকাৰী দলটোৱে পেট্ৰ’ল ডিপোৰ মেনেজাৰৰ সন্মুখতে মালিকক 5 কোটি টকাৰ মুক্তিপণ দিবলৈ কৈ গৈছিল (kidnappers demand 5 crore) ৷
ইয়াৰ পিচতে আজি অৰ্থাৎ মঙলবাৰে অপহৰণকাৰীয়ে লোকজনক চৌখাম অঞ্চলত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে (Kidnapping at Namsai)। বৰ্তমান অৰুণাচল আৰক্ষীৰ জিম্মাত আছে দিনেশ শৰ্মা । লোকজনক আলফা -NSCN এ অপহৰণ কৰাৰ সন্দেহ কৰা হৈছিল (Abducted Employee Dinesh Sharma released) । এই ঘটনাৰ পিচত কোনো এটা বিদ্ৰোহী সংগঠনে অপহৰণৰ দ্বায়িত্ব স্বীকাৰ কৰা নাছিল ৷ গতিকে আৰক্ষীয়ে পোনপটীয়াকৈ কোনো এটা সংগঠনক সন্দেহ কৰিব পৰা নাছিল ৷
পৰৱৰ্তী সময়ত নামচাই চৌখামৰ ভাৰত পেট্ৰ’লিয়ামৰ তেল ডিপোটোৰ পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে গোপন কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি আৰম্ভ কৰিছিল তদন্ত। তাৰ সমান্তৰালভাৱে আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে বিভিন্ন স্থানত তালাচী স্থাপন কৰিছিল যাতে অপহৰণকাৰী দলটোৱে পলায়ন কৰিব নোৱাৰে, লগতে কাষৰীয়া ঘন বনাঞ্চল সমূহতো চলাইছিল অপহৰণকাৰী দলটোৰ বিৰুদ্ধে অভিযান ৷