অসম

assam

ETV Bharat / state

ATASU protest in Tinsukia: তিনিচুকীয়াত অব্যাহত থকা চোৰাং বেহা বন্ধ কৰাৰ দাবীত আটাছুৰ প্ৰতিবাদ - তাই আহোম ছাত্ৰ সন্থা

তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ATASU protest in Tinsukia) ৷ জিলাখনতত অব্যাহত থকা কয়লাৰ অবৈধ খনন, কাঠৰ চোৰাং বেহা আদি বন্ধ কৰাৰ দাবীৰে সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ টাই আহোমসকলক শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰো দাবী সংগঠনটোৰ ৷

ATASU protest in Tinsukia
তিনিচুকীয়াত অব্যাহত থকা চোৰাং বেহা বন্ধ কৰাৰ দাবীত আটাছুৰ প্ৰতিবাদ

By

Published : Feb 17, 2023, 7:15 PM IST

তিনিচুকীয়াত অব্যাহত থকা চোৰাং বেহা বন্ধ কৰাৰ দাবীত আটাছুৰ প্ৰতিবাদ

তিনিচুকীয়া, ফেব্ৰুৱাৰী: তিনিচুকীয়াত প্ৰতিটো দিনতেই অব্যাহত আছে অবৈধ সামগ্ৰীৰ চোৰাং ব্যৱসায় । কাঠ, কয়লা, বালি, খাৰুৱা তেলকে ধৰি কাপোৰ, জোতালৈকে অব্যাহত আছে চোৰাং ব্যৱসায় (Smuggling in Tinsukia) । তেনে অবৈধ ব্যৱসায় বন্ধৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য়ালয়ৰ সন্মুখত শুকুৰবাৰে অৱস্থান ধৰ্মঘটত কাৰ্যসূচী ৰূপায়ণ কৰিলে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে (ATASU protest in Tinsukia) ৷

অবৈধ কয়লাখনিত নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ (Tinsukia Pranjal Moran missing) সন্ধান উলিওৱা, প্ৰাঞ্জল মৰাণৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰা, কয়লাৰ অবৈধ সৰবৰাহ বন্ধ কৰা, কাঠৰ চোৰাং বেহা বন্ধ বন্ধ কৰা (Timber syndicate in Tinsukia), টাই আহোমসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আদি দাবীৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

কয়লাখনিত সন্ধানহীন হোৱা প্ৰাঞ্জল মৰাণৰ সন্ধান উলিয়াব নোৱাৰাৰ বাবে আৰক্ষী তথা জিলা প্ৰশাসনকো ধিক্কাৰ দিয়ে সংগঠনটোৱে ৷ পৰৱৰ্তী সময়ত টাই আহোম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি যতীন বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক নয়ন বুঢ়াগোহাঁইৰ স্বাক্ষৰিত চাৰিটা দাবী সম্বলিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে (Coal smuggling in Tinsukia) ৷

স্মাৰক পত্ৰত উল্লেখ কৰা মূল দাবী চাৰিটা হ’ল, তাই আহোমসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, কয়লাৰ অবৈধ খনন বন্ধ কৰা, ঐতিহাসিক পাটকাই পৰ্বতৰ অস্তিত্ব ৰক্ষা তথা সংৰক্ষণ ব্যৱস্থা কৰা, কয়লা খননৰ লগত জড়িত সকলো মৃত ব্যক্তিলৈ ক্ষতিপূৰণ প্ৰদান কৰা ৷ উল্লেখ্য যে, 24 জানুৱাৰীত মাৰ্ঘেৰিটাত তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে (All Tai Ahom Students Union) কয়লাৰ অবৈধ সৰবৰাহ বন্ধৰ দাবীত সাব্যস্ত কৰিছিল প্ৰতিবাদ । তাৰ পাচতো আৰক্ষী, জিলা প্ৰশাসন কিম্বা ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷

সমান্তৰালভাৱে 12 জানুৱাৰীৰ পৰা লিডুৰ কয়লাখনিত ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ সন্দৰ্ভত 4 ফেব্ৰুৱাৰীত লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাচতো আৰক্ষী, জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে আটাছুয়ে ৷

ইমানৰ পাচতো যদিও জিলা প্ৰশাসন, আৰক্ষীয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অবৈধ কয়লা গাড়ী ৰখাই ৰাজপথত আন্দোলনৰ হুংকাৰ প্ৰদান সংগঠনটোৰ ৷ অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান নকৰিলে অসম অচল কৰি দিয়াৰো হুংকাৰ দিয়ে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে ।

লগতে পঢ়ক:Special Railway Junction : প্লেটফৰ্ম নথকা এটা ৰে'ল জংচন, য'ত ৰখোৱা নহয় কোনো ৰে'ল

ABOUT THE AUTHOR

...view details