তিনিচুকীয়া, 29 মাৰ্চ: বিগত 6 মাৰ্চত তিনিচুকীয়া জিলাৰ ড৹ ভূপেন হাজৰিকা সেতুৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিছিল বন্দনা তাঁতী নামৰ এগৰাকী কিশোৰী ৷ কিশোৰীগৰাকী জাপ দিয়া প্ৰত্যক্ষ কৰিছিল এজন বাছ চালকে ৷ পৰৱৰ্তী সময়ত উক্ত স্থানত এযোৰ চেন্দেল উদ্ধাৰ কৰাৰ লগতে বাছ চালকজনে দিয়াৰ বিৱৰণ অনুসৰি পৰিয়ালে বন্দনা তাঁতী বুলি চিনাক্ত কৰিছিল (Suicide in Bhupen Hazarika setu) ৷
ইয়াৰ পাচতে সেই স্থানত ততাতৈয়াকৈ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ উদ্ধাৰৰ কাৰণে এছ ডি আৰ এফে বহু সময় অভিযান চলাইয়ো লাভ নকৰিলে কোনো সন্ধান ৷ এই ঘটনা সন্দৰ্ভত বন্দনাৰ পৰিয়ালৰ তৰফৰ পৰা মুন দেউৰী নামৰ এজন যুৱকৰ সৈতে ওলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰি যুৱকজনৰ বিৰুদ্ধে ডুমডুমাৰ আৰক্ষীৰ থানাত এখন এজাহাৰ দাখিল কৰে (Bhupen Hazarika setu suicide case) ৷
কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে বন্দনাৰ মৃতদেহ উদ্ধাৰ কিম্বা মুন দেউৰীক আটক কৰাৰ দৰে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইছেন ৷ মঙলবাৰে তিনিচুকীয়াৰ গুইজান ঘাটত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয় । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকক আৰক্ষীয়ে খবৰ দিয়াত মৃতদেহটো বন্দনাৰ বুলি চিনাক্ত কৰে ৷ কিশোৰীগৰাকীৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰাই বুধবাৰে পৰিয়ালক চমজাই দিয়ে (Girl body recovered at Guijan) ৷