ডুমডুমা, 1 ডিচেম্বৰঃমঙলবাৰে আটছাৰ তালাপ শাখাৰ উদ্যোগত আৰু ছৈখোৱা উপ শাখাৰ সহযোগত ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ তিনিচুকীয়া জিলাৰ ধলাস্থিত শদিয়া টি.ফ্ৰণ্টিয়াৰ চাহ কোম্পানীৰ অধীনত বিভিন্ন জ্বলন্ত সমস্যাৰ সমাধানৰ দাবীত ধলা চাহ বাগিচাত এই প্ৰতিবাদ সাব্যস্ত কৰে আটছাই ৷ তদুপৰি বাগিছাৰ মাটি ধলাৰ একাংশ বনিয়াই অবৈধ দখল কৰাৰো বিৰোধিতা কৰে আটছাই ৷
চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত আটছাৰ প্ৰতিবাদ - টি.ফ্ৰণ্টিয়াৰ চাহ কোম্পানী
তিনিচুকীয়া জিলাৰ ধলাস্থিত শদিয়া টি.ফ্ৰণ্টিয়াৰ চাহ কোম্পানীৰ অধীনত বিভিন্ন জ্বলন্ত সমস্যাৰ সমাধানৰ দাবীত আটছাৰ প্ৰতিবাদ ৷ বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷
![চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত আটছাৰ প্ৰতিবাদ aatsa-protest-at-tinsukia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9729283-thumbnail-3x2-pic.jpg)
চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত আটছাৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীৰ অভিযোগ, আটছাই শ্ৰমিকৰ স্বাৰ্থত বাগিচাৰ কৰ্তৃপক্ষৰ বিপক্ষে বছৰ বছৰ ধৰি আন্দোলন কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পিচতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়কঃ বাৰাণসীত ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি বিনষ্ট,অশোক গেহলোটৰ প্ৰতিক্ৰিয়া প্ৰকাশ