ডুমডুমা, 27 আগষ্টঃ চাহ নগৰী ডুমডুমাত চাহ জনজাতি ছাত্ৰ সন্থাৰ ডুমডুমা শাখাৰ উদ্যোগত ভাদ মাহৰ শুক্লা একদক্ষী তিথিৰ দিনা চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ "কৰম পৰব"ৰ উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবীত সাংস্কৃতিক সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
ডুমডুমাত চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংস্কৃতিক প্ৰতিবাদ - কৃষি কৰ্মৰ সৈতে জড়িত কৰম পূজাক চৰকাৰী বন্ধ ঘোষণাৰ দাবী
কৰম পূজাত চৰকাৰী বন্ধ ঘোষণাৰ দাবীত ডুমডুমাত চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংস্কৃতিক প্ৰতিবাদ ৷
![ডুমডুমাত চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংস্কৃতিক প্ৰতিবাদ AATSA PROTEST AT DOMDOOMA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8572120-907-8572120-1598492793916.jpg)
ডুমডুমাত চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংস্কৃতিক প্ৰতিবাদ
ডুমডুমাত চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংস্কৃতিক প্ৰতিবাদ
কৃষি কৰ্মৰ সৈতে জড়িত কৰম পূজাক চৰকাৰী মৰ্যাদা প্ৰদান কৰাৰ দীৰ্ঘদিনীয়া দাবী ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে জনগোষ্ঠীটোৰ ছাত্ৰ সংগঠনটোৱে । অনাগত দিনত ৰাজ্য চৰকাৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ দাবী সমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰিলে জংগী আন্দোলন গঢ়ি তুলিব বুলি সকীয়নী প্ৰদান কৰে আটছাই ।
লগতে পঢ়কঃবিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিত 15 বছৰে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এজন লোক