অসম

assam

ETV Bharat / state

ডুমডুমাত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আটছাৰ প্ৰতিবাদ

নামভৰ্তিক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ডুমডুমাত সৃষ্টি হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতি । বৰ্তমানেও নামভৰ্তিৰ পৰা বঞ্চিত হৈ আছে প্ৰায় ৭৩২ গৰাকী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী ৷

ডুমডুমাত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আটছাৰ প্ৰতিবাদ

By

Published : Jul 19, 2019, 9:53 AM IST

ডুমডুমা, 18 জুলাই : ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ডুমডুমাত সৃষ্টি হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ । হাইস্কুল শিক্ষান্ত আৰু উচ্চ মাধ্যমিক পৰিক্ষাৰ ফলাফল ঘোষণা হোৱাৰ বহুদিন উকলি যোৱাৰ পাচতো নামভৰ্তিৰ পৰা বঞ্চিত হৈ আছে প্ৰায় ৭৩২ গৰাকী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী । ডুমডুমাৰ কেইবাটাও ছাত্ৰ সংগঠনে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ অন্তত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষা বিভাগক নিৰ্দেশ দিয়াৰ পাচতো শিক্ষা বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ সংগঠনসমূহৰ । যাৰ পৰিপ্ৰেক্ষিততে আজি আটছাৰ ডুমডুমা শাখাই শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । লগতে অতি শীঘ্ৰেই যদি বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ ব্যৱস্থা কৰি নিদিলে তেন্তে আটছাই ডুমডুমাবাসী ৰাইজক লৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, ২৫ জুন তাৰিখে ডুমডুমাৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছিল । যি আলোচনাত এই সমস্যাৰ স্থায়ী সমস্যাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ডুমডুমাত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আটছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details