অসম

assam

ETV Bharat / state

ডুমডুমাত আটছাৰ সংবাদমেলঃ ৯ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন ডুমডুমা বন্ধ ঘোষণা - মুখ্যমন্ত্ৰী

ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিকেন্দ্ৰীক অনাকাংক্ষিত পৰিস্থিতি অব্যাহত আছে । ডুমডুমাৰ লগতে ইয়াৰ নিকতৱৰ্তী অঞ্চলসমূহৰ পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যলয়খনত আসনৰ সংখ্যা একেবাৰে সীমিত ।

ডুমডুমাত আটছাৰ সংবাদমেলঃ ৯ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীল ডুমডুমা বন্ধ ঘোষণা

By

Published : Aug 7, 2019, 6:41 PM IST

ডুমডুমা, 7আগষ্টঃ বৃহস্পতিবাৰে ডুমডুমাত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই এক সংবাদমেল আয়োজন কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু শিক্ষামন্ত্ৰীক চৰম সকীয়নি প্ৰদান কৰে ।
মহাবিদ্যালয়খনত নামভৰ্তিৰ পৰা বঞ্চিত ৭৩২ গৰাকী শিক্ষাৰ্থীক শীঘ্ৰেই নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই অহা ৯ আগষ্টৰ পৰা অনিদিষ্টকালীনভাৱে ডুমডুমাৰ লগতে তালাপ, ধলা, কাকপথাৰ, ফিল'বাৰী, ডাঙৰী, হাহঁচৰা, হাপজান আদি অঞ্চল বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ।

ডুমডুমাত আটছাৰ সংবাদমেলঃ ৯ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন ডুমডুমা বন্ধ ঘোষণা
উল্লেখযোগ্য যে, ডুমডুমা ৰাজহ চক্ৰটোৰ অন্তৰ্গত মুঠ ১১ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই বৰ্ষত ১৮১১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল আৰু ইয়াৰে ১১৬২ গৰাকী শিক্ষাৰ্থীয়ে মহাবিদ্যালয়খনত কলা শাখাত নামভৰ্তিৰ বাবে আবেদন কৰিছিল । কিন্তু মহাবিদ্যালয়খনত বিগত বৰ্ষসমূহত স্নাতক শাখাত পুৱাৰ পাঠদানৰ ব্যৱস্থা কৰি কিছু পৰিমাণে শিক্ষাৰ্থীসকলক নামভৰ্তিৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰি আহিছিল যদিও এই বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি পুৱাৰ পাঠদান বন্ধ কৰি দিয়ে ।

ABOUT THE AUTHOR

...view details