অসম

assam

By

Published : Mar 3, 2021, 12:06 PM IST

ETV Bharat / state

শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে ক্ষোভ আটছাৰ

সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত বিশেষ জৰুৰী সভা অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ । তিনিচুকীয়া সমষ্টিৰ চাহ জনগোষ্ঠীৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণক ডুমডুমা সমষ্টিত প্ৰক্ষেপ কৰিব বিচৰাত ক্ষোভ প্ৰকাশ জিলা সমিতিৰ ।

শ্ৰমমন্ত্ৰী সঞ্জয় কিষানক ডুমডুমা সমষ্টিত প্ৰক্ষেপক লৈ ক্ষোভ প্ৰকাশ আটছাৰ
শ্ৰমমন্ত্ৰী সঞ্জয় কিষানক ডুমডুমা সমষ্টিত প্ৰক্ষেপক লৈ ক্ষোভ প্ৰকাশ আটছাৰ

তিনিচুকীয়া,৩ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত বিশেষ জৰুৰী সভা অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ । তিনিচুকীয়া সমষ্টিৰ চাহ জনগোষ্ঠীৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণক ডুমডুমা সমষ্টিত প্ৰক্ষেপ কৰাৰ কুচ-কাৱাজ সন্দৰ্ভত ক্ষোভ প্ৰকাশ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) তিনিচুকীয়া জিলা সমিতিৰ । সঞ্জয় কিষাণক তিনিচুকীয়া সমষ্টিৰ পৰা ডুমডুমা সমষ্টিলৈ প্ৰক্ষেপ নকৰিবলৈ আহ্বান আটছাৰ । চাহ জনগোষ্ঠীৰ বিৰুদ্ধে লোৱা সিদ্ধান্তসমূহ পৰিহাৰ কৰিবলৈ চৰকাৰক দাবী সংগঠনটোৰ । এই সমগ্ৰ বিষয় সন্দৰ্ভত মঙলবাৰে তিনিচুকীয়াৰ বৰগুৰিস্থিত হোটেল এৰোমাত অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সমাগত বিধানসভা নিৰ্বাচনৰ ওপৰত এখন বিশেষ জৰুৰী সভা অনুষ্ঠিত হৈ যায় ।

সভাখনত আটছাই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে কেতবোৰ মন্তব্য প্ৰকাশ কৰে । তিনিচুকীয়া জিলাৰ অন্তৰ্গত তিনিচুকীয়া, ডুমডুমা, ডিগবৈ, চাবুৱা সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে । কিন্তু চাহ জনগোষ্ঠীয় সমাজখনক সামগ্ৰিক দিশত বিজ্ঞানসন্মতভাৱে যিদৰে চৰকাৰখনে আগুৱাই লৈ যাব লাগিছিল, তেনেধৰণৰ কোনো পদক্ষেপ গ্রহণ কৰা দেখা নগ'ল । জনগোষ্ঠীটোৰ নিবনুৱাসকলক সংস্থাপন দিয়া শ্ৰমিকৰ মজুৰি বৃদ্ধি, জনজাতিকৰণ আৰু ভূমি অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ বাবে চাহ জনগোষ্ঠীটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে । জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া জলন্ত সমস্যাসমূহক চৰকাৰখনে আওকাণ কৰি আহিছে । বিশেষকৈ বিজেপি দলে এই জনগোষ্ঠীটোক ৰাজনৈতিক ক্ষেত্ৰত অধিকাৰ খৰ্ব কৰাৰ প্ৰয়াস কৰিছে বুলি অভিযোগ উত্থাপন সংগঠনটোৰ ।

লগতে পঢ়ক:চিৰাঙত এজেপিৰ সংবাদমেলত লুৰিণক আক্ৰমণৰ গৰিহণা

ABOUT THE AUTHOR

...view details