অসম

assam

ETV Bharat / state

স্বৰ্গীয় মুলীয়া তাঁতীৰ নামত আদৰ্শ মহাবিদ্যালয়ৰ নামকৰণৰ দাবী আটছাৰ - আটছাৰ দাবী

চৰকাৰে ডুমডুমাত স্থাপন কৰিবলৈ লোৱা আদৰ্শ মহাবিদ্যালয়খন অঞ্চলটোৰ স্বনামধন্য ব্যক্তি স্বৰ্গীয় মুলীয়া তাঁতীৰ নামত নামকৰণ কৰাৰ দাবী জনায় আটছাই । চৰকাৰে এই সিদ্ধান্ত মানি নল’লে আগন্তুক দিনত ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰে সংগঠনটোৱে ।

AATSA demand of Model College name on Late Mulia Tati
স্বৰ্গীয় মুলীয়া তাঁতীৰ নামত আদৰ্শ মহাবিদ্যালয়ৰ নামকৰণৰ দাবী আটছাৰ

By

Published : Aug 1, 2020, 11:10 AM IST

ডুমডুমা, 1 আগষ্ট : ডুমডুমাত স্থাপন হ’বলগীয়া আদৰ্শ মহাবিদ্যালয়খন স্বৰ্গীয় মুলীয়া তাঁতীৰ নামত নামকৰণ কৰাৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থা তথা আটছাৰ । বিজেপি নেতৃত্বাধীন চৰকাৰে চাহ বাগিছা অঞ্চলত 100 খন হাইস্কুল স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ‘চাহ নগৰী’ হিচাপে খ্যাত ডুমডুমাত এখন আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।

আটছাৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ডুমডুমাত এই আদৰ্শ মহাবিদ্যালয়খন স্থাপনৰ বাবে চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ডুমডুমা অঞ্চলৰ এগৰাকী স্বনামধন্য ব্যক্তি স্বৰ্গীয় মুলীয়া তাঁতীৰ নামত মহাবিদ্যালয়খন নামকৰণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে ।

স্বৰ্গীয় মুলীয়া তাঁতীৰ নামত আদৰ্শ মহাবিদ্যালয়ৰ নামকৰণৰ দাবী আটছাৰ

ইয়াৰ প্ৰতিবাদস্বৰূপে আগন্তুক 5 আগষ্টত আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত প্ৰতিখন শাখা সমিতিয়ে অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰাৰ লগতে 7 আগষ্টত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিব বুলি সংগঠনটোৰ নেতাই সদৰি কৰে এই কথা ।

আনহাতে, ইয়াৰ পাচতো যদি চৰকাৰৰ ফালৰ পৰা সংগঠনটোৱে কোনো উত্তৰ লাভ নকৰে, তেন্তে 10 আগষ্টৰ পৰা 72 ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আটছাই ।

লগতে পঢ়ক :এবছৰ নহওঁতেই খহি পৰিল গড়কাপ্তানি পথৰ কালভাৰ্ট

ABOUT THE AUTHOR

...view details