অসম

assam

ETV Bharat / state

প্ৰচণ্ড বৰষুণকো নেওচি কাকপথাৰত আছুৰ প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন

আছুৰ বিষয়ববীয়াই প্ৰতিবাদস্থলীৰ পৰাই কৃষক নেতা অখিল গগৈক বে-আইনী ভাবে ৰাজ্য চৰকাৰে কাৰাগাৰত আৱদ্ধ কৰি ৰখা কাৰ্যক দুৰ্ভাগ্যজনক বুলি আখ্যা দি অতি শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ দাবী জনায় ৷

Aasu protest at Kakopather in over heavy rains
প্ৰচণ্ড বৰষুণকো নেওচি কাকপথাৰত আছুৰ প্ৰতিবাদ

By

Published : Aug 10, 2020, 9:22 PM IST

শদিয়া,10 আগষ্টঃ প্ৰচণ্ড বৰষুণকো নেওচি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু EIA বাতিলৰ দাবীত আজি তিনিচুকীয়া জিলাৰ কাকপথাৰত কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

প্ৰচণ্ড বৰষুণকো নেওচি কাকপথাৰত আছুৰ প্ৰতিবাদ

কাকপথাৰ অসমীয়া দূৰ্গা মন্দিৰৰ প্ৰাংগণত ৰূপায়ণ কৰা এই কাৰ্যসূচীত 'অখিল গগৈক মুক্তি দিয়ক','নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল কৰক','EIA ২০২০ খচৰা বাতিল কৰক', 'অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰক' আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

আনহাতে আছুৰ বিষয়ববীয়াই প্ৰতিবাদস্থলীৰ পৰাই কৃষক নেতা অখিল গগৈক বে-আইনী ভাবে ৰাজ্য চৰকাৰে কাৰাগাৰত আৱদ্ধ কৰি ৰখা কাৰ্যক দুৰ্ভাগ্যজনক বুলি আখ্যা দি অতি শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ দাবী জনায় ৷

লগতে পঢ়কঃসংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি কৃষক মুক্তিৰ অনশন

ABOUT THE AUTHOR

...view details