ডুমডুমা, 8 আগষ্ট : নাগৰিকত্ব সংশোধনী আইন তথা EIA খচৰা বাতিলৰ দাবীত শনিবাৰে ফিল'বাৰীত সদৌ অসম ছাত্ৰ সন্থাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
CAA আৰু EIA 2020 বাতিলৰ দাবীত আছুৰ অৱস্থান ধৰ্মঘট - EIA
নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA খচৰা বাতিলৰ নোহোৱা পৰ্যন্ত আছুৱে ধাৰাবাহিকভাৱে আন্দোলন অব্যাহত ৰাখিব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
![CAA আৰু EIA 2020 বাতিলৰ দাবীত আছুৰ অৱস্থান ধৰ্মঘট Aasu protest at Filobari against CAA and EIA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8344157-thumbnail-3x2-filo.jpg)
CAA আৰু EIA 2020 বাতিলৰ দাবীত আছুৰ অৱস্থান ধৰ্মঘট
CAA আৰু EIA 2020 বাতিলৰ দাবীত আছুৰ অৱস্থান ধৰ্মঘট
তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ফিল'বাৰীৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত গাভৰুভেটি ৰাস মঞ্চৰ প্ৰেক্ষাগৃহত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA খচৰা বাতিলৰ নোহোৱা পৰ্যন্ত আছুৱে ধাৰাবাহিকভাৱে আন্দোলন অব্যাহত ৰাখিব বুলিও হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক : শিৱসাগৰত প্ৰথমগৰাকী ক'ভিড আক্ৰান্ত মহিলাৰ প্ৰসৱ