অসম

assam

ETV Bharat / state

ডুমডুমা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আছুৰ উত্তাল প্ৰতিবাদ - AASU protest at Doomdoma

অসাধু চক্ৰৰ ৰম্যভূমি তিনিচুকীয়া জিলাত পুনৰ ঠন ধৰি উঠিছে কাঠৰ চোৰাং ব্যৱসায় ৷ বন বিভাগ আৰু চোৰাং ব্যৱসায়ী চক্ৰৰ মিতিৰালিৰ চৰম পৰিনাম ভোগ কৰিছে জিলাখনৰ বিভিন্ন বনাঞ্চল সমূহে ৷ বৃহস্পতিবাৰে এনে অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবীত সৰৱ হৈ পৰিছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থা ৷

aasu-protest-at-doomdoma-demanding-serious-action-against-illegal-wood-business
ডুমডুমা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আছুৰ উত্তাল প্ৰতিবাদ

By

Published : Feb 4, 2021, 5:51 PM IST

ডুমডুমা,4 ফেব্ৰুৱাৰী: কাঠৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ দাবীত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৷ বন বিভাগ আৰু চোৰাং ব্যৱসায়ী চক্ৰৰ মাজত মিতিৰালি থকাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে ডুমডুমা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দুই শতাধিক আছু কৰ্মীয়ে ৷ দীৰ্ঘ দিনৰ পৰা তিনিচুকীয়াত অব্যাহত থকা চোৰাং কাঠৰ ব্যৱসায়ৰ আঁৰত ডুমডুমাৰ জিলা বনাঞ্চলিক বিষয়া (DFO) গৰাকীৰ আশীৰ্বাদ থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী আছু কৰ্মী সকলে ৷ এই সন্দৰ্ভত প্ৰশাসনক উচিত তদন্তৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

ডুমডুমা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আছুৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে,তিনিচুকীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া চোৰাং কাঠ সৰবৰাহৰ প্ৰধান ক'ৰিডৰত পৰিণত হোৱাৰ অভিযোগ আছুৰ ৷ কিন্তু এই ক্ষেত্ৰত ৰাজ্যৰ বন বিভাগে ৰহস্যজনক মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ বহু অভিযোগৰ পাছতো বনবিভাগে অবৈধ কাঠৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত উপায়ন্তৰ হৈ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীয়ে ৷ ইফালে আছুৰ এনে উত্তাল প্ৰতিবাদৰ পিছত অসহায় স্বীকাৰোক্তি বন বিভাগৰ ৷ চোৰাং ব্যৱসায় প্ৰতিৰোধ কৰিব নোৱাৰাত মূলতে বিভাগটোত কৰ্মচাৰীৰ অভাৱ বুলি মত প্ৰকাশ কৰিছে বন বিষয়াই ৷ উল্লেখযোগ্য যে, ডুমডুমা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত একাংশ কৰ্মচাৰীৰ কমিছনৰাজৰ বাবেই সীমান্তৱৰ্তী অঞ্চলটোত দিনক-দিনে কাঠৰ চোৰাং সৰবৰাহ বৃদ্ধি পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এইক্ষেত্ৰত ডুমডুমা আৰক্ষীৰ ভূমিকাও ৰহস্যজনক ৷

লগতে পঢ়কঃমানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে চাইক্লিং ব্যৱস্থাৰ সংযোগ

ABOUT THE AUTHOR

...view details